অবিবাহিত লোকৰ এখন গাঁও; ৫০বছৰ পূৰ্বে হৈছিল অন্তিমখন বিয়া

বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্রায়ে শুনিবলৈ পোৱা যায়। সেয়ে ৰাজ্যখনত এতিয়াও ‘পকডুৱা বিয়া’ হয়। অর্থাৎ কোনো বিবাহ উপযুক্ত দৰাই চৰকাৰী চাকৰি লাভ কৰা বুলি অৱগত হ’লেই ছোৱালী পক্ষই বলপূর্বক তেওঁলোকৰ বিয়া পাতি দিয়ে। এইখন ৰাজ্যতে অৱস্থিত গাঁও এখনৰ সুন্দৰ-সুঠাম যুৱকে অবিবাহিত হৈয়ে বার্ধক্যক আঁকোৱালি ল’বলগীয়া হৈছে। এই অঞ্চলটোৰ নাম বৰৱা কলা গাঁও। বিহাৰৰ ৰজধানী পাটনাৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰৈত উক্ত গাঁওখন অৱস্থিত। অবিবাহিত লোকেৰে পৰিপূৰ্ণ হৈ থকা বাবে উক্ত গাঁওখনক ‘কুৱাৰোঁ কা গাঁও’ (অবিবাহিত লোকৰ গাঁও) বুলিও কোৱা হয়। উক্ত গাঁওখনত মাথোঁ পুৰুষকহে দেখিবলৈ পোৱা যায়। উক্ত গাঁওখনৰ পুৰুষৰ মজত কোনো গুণৰ অভাৱ নাই। দেখাই-শুনাই তেওঁলোক সুন্দৰ আৰু বিবাহৰ বাবে তেওঁলোক ব্যায়কুলো। তাৰ পাছতো কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ জীয়ৰীক গাঁওখনৰ পুৰুষলৈ বিয়া দিবলৈ আগ্রহী নহয়। বিগত ৫০ বৰ্ষত গাঁওখনত মাথোঁ এখনহে বিয়া অনুষ্ঠিত হৈছে। এনে অৱস্থাত গাঁওখনৰ পুৰুষসকলে মহিলা অবিহনেই জীৱন কটাবলৈ বাধ্য হৈছে। দৰাচলতে চৰকাৰৰ গাফিলতিৰ বাবেই কোনো পৰিয়ালে তেওঁলোকৰ জীয়ৰীক গাঁওখনলৈ বিয়া দি উলিয়াই দিব নিবিচাৰে। সাম্প্রতিক কালত বিজ্ঞান-প্রযুক্তিয়ে দেশৰ ভিতৰুৱা গ্রামীণ অঞ্চলকো স্পৰ্শ কৰাৰ সময়ত উক্ত গাঁওখন মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। গাঁওখনত এতিয়াও বিশুদ্ধ খোৱাপানীৰ কোনো ব্যৱস্থা গঢ় লৈ উঠা নাই। গাঁওখনৰ ৰাস্তা- ঘাট নাই বুলিবই পাৰি। পথৰুৱা আলিসদৃশ বাটেৰে গঞাই বোকা-পানী গচকি আহ-যাহ কৰিব লাগে। গাঁওখনলৈ এতিয়াও বিদ্যুৎ যোগান ব্যৱস্থা সম্প্ৰসাৰিত হোৱা নাই। বেলি ডুবিলেই গাঁওখনৰ প্ৰায় সকলো পৰিয়ালে খাই-বৈ শুই পৰে। উক্ত গাঁওখনত মোবাইলৰ নেটৱর্কো পোৱা নাযায়। এনেবোৰ কাৰণতে গাঁওখনৰ কোনো যুৱকলৈ কোনেও নিজৰ ছোৱালী বিয়া দিব নিবিচাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...