তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত MI-17 হেলিকপ্টাৰত মোদীয়েও ভ্ৰমণ কৰে। কি এই MI17 হেলিকপ্টাৰ, কি ইয়াৰ বিশেষত্ব?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিপিন ৰাৱটৰ দুৰ্ঘটনাগ্ৰস্ত এমআই-17 হেলিকপ্টাৰত ভ্ৰমণ কৰে। বিশ্বৰ অন্যতম উন্নত হেলিকপ্টাৰ ৰূপে গণ্য কৰা হয় এই হেলিকপ্টাৰক। এই এমআই-17 ভি-5 হেলিকপ্টাৰ হৈছে ৰাছিয়াৰ দ্বাৰা নিৰ্মিত এটা টুইন ইঞ্জিনযুক্ত বহুমুখী হেলিকপ্টাৰ। এমআই-17 ভি-5 হৈছে হেলিকপ্টাৰৰ এমআই-৮/১৭ শৃংখলাৰ এক সামৰিক হেলিকপ্টাৰ। ইয়াক ৰাছিয়াৰ মিল মস্কো হেলিকপ্টাৰ প্লাণ্ট, কাজান হেলিকপ্টাৰ প্লাণ্ট আৰু উলান-উদে এভিয়েচন প্লাণ্টত প্ৰস্তুত কৰে। এমআই-17 ভি-5 হেলিকপ্টাৰ হৈছে এমআই-8 হেলিকপ্টাৰৰ এক উন্নীত সংস্কৰণ।

এমআই-17 ভি-5-এ ওখ উচ্চতা আৰু প্ৰতিকূল পৰিস্থিতিতো ভালদৰে কাম কৰিব পাৰে। এইটো এমআই-8-ৰ এক উন্নীত সংস্কৰণ। এমআই-17 ভি-5 বিশেষকৈ শীৰ্ষ উচ্চতাত আৰু উষ্ণ পৰিস্থিতিত ভালদৰে কাম কৰাৰ বাবে ডিজাইন কৰা হৈছে।
এমআই-17ভি-5ক বিশ্বৰ অন্যতম উন্নত পৰিবহন হেলিকপ্টাৰ বুলি গণ্য কৰা হয়। ইয়াক সেনা আৰু অস্ত্ৰ পৰিবহন, অগ্নি সমৰ্থন, গাৰ্ড পেট্ৰ’লিঙৰ বাবেও নিয়োজিত কৰিব পাৰি। ইয়াৰ লগতে অনুসন্ধান আৰু উদ্ধাৰ অভিযানতো নিয়োজিত কৰিব পাৰি এই হেলিকপ্টাৰ। এমআই-17ভি-5 হেলিকপ্টাৰক কাৰ্গো পৰিবহনৰ বাবেও ডিজাইন কৰা হৈছে। ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই নহয়, ভিভিআইপিৰ যাতায়াতৰ পৰা সেনা অভিযানলৈকে ব্যৱহৃত এই হেলিকপ্টাৰ। বিশ্বৰ প্ৰায় ৬০খন দেশে ১২ হাজাৰতকৈও অধিক এমআই-17 হেলিকপ্টাৰ ব্যৱহাৰ কৰে।


ইয়াৰ মূল বিশেষত্ব কি কি?


১. এইখন এখন মজলীয়া টুইন টাৰ্বাইনযুক্ত হেলিকপ্টাৰ।
২. ইয়াক গধুৰ লিফ্ট, পৰিবহন, ভিভিআইপি চলাচল আৰু উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হয়।
৩. ই তিনিজন ক্ৰু সদস্যৰ লগতে সামৰিক বাহিনীৰ বাবে ৩৬জন সৈনিক কঢ়িয়াই নিব পাৰে।
৪. ইয়াত ৩৬ হাজাৰ কেজিলৈকে বোজা বা সামগ্ৰী পৰিবহন কৰিব পাৰি।
৫. অৱশ্যে, ভিভিআইপিৰ বাবে ডিজাইন কৰা বিশেষ হেলিকপ্টাৰত সৰ্বাধিক ২০জনহে উঠিব পাৰে।
৬. ভিভিআইপিৰ বাবে পৰিৱৰ্তিত হেলিকপ্টাৰত এটা শৌচালয় থাকে।
৭. বিশ্বৰ প্ৰায় ৬০খন দেশে ১২ হাজাৰতকৈও অধিক এমআই 17 হেলিকপ্টাৰ ব্যৱহাৰ কৰে।
৮. এমআই-17 হেলিকপ্টাৰ ছেকেণ্ডত ৮ মিটাৰ গতিবেগত ওপৰলৈ যাব পাৰে।
৯. হেলিকপ্টাৰৰ সৰ্বাধিক গতি আৰু ক্ৰুজৰ গতি ক্ৰমান্বয়ে প্ৰতিঘণ্টাত ২৫০ কিঃমিঃ আৰু ২২৫ কিঃমিঃ
১০. এই হেলিকপ্টাৰখনৰ ওজন প্ৰায় ৭,৪৮৯ কিঃগ্ৰাঃ আৰু ওজন সৰ্বাধিক ১৩ হাজাৰ কিঃগ্ৰাঃ।


উল্লেখ্য যে, ২০০৮ চনৰ ডিচেম্বৰ মাহত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৰাছিয়াৰ সৈতে ৮০খন এমআই হেলিকপ্টাৰৰ বাবে ১.৩ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছিল। ২০১১ চনত এমআই হেলিকপ্টাৰৰ বিতৰণ আৰম্ভ হৈছিল আৰু ২০১৩ চনত ৩৬খন এমআই শৃংখলাৰ হেলিকপ্টাৰ লাভ কৰিছিল। অৱশ্যে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০১২-২০১৩ বৰ্ষত ৭১খন এমআই-17 ভি-5 হেলিকপ্টাৰৰ বাবে নিৰ্দেশ দিছিল। ২০১৮ চনৰ জুলাইত ভাৰতে এমআই-17 ভি-5ৰ অন্তিমখন হেলিকপ্টাৰ লাভ কৰিছিল। অৱশ্যে তামিলনাডুত এই হেলিকপ্টাৰৰ দুৰ্ঘটনাৰ পিছতে বহু প্ৰশ্নৰ উদয় হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...