বিয়াৰ পূৰ্বে হাস্পতালত অংকিতা লোখণ্ডে, চিকিৎসকে বিশ্ৰাম ল’বলৈ দিলে পৰামৰ্শ

অভিনেত্ৰী অংকিতা লোখণ্ডেৰ অনুৰাগীসকলৰ বাবে বেয়া খবৰ। প্ৰতিবেদন অনুসৰি জৰুৰীকালীন অৱস্থাত মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেত্ৰীগৰাকীক। যদিও তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ আৰু বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে। উল্লেখ্য যে নিজৰ বিয়াক লৈ বৰ্তমান যথেষ্ট চৰ্চা চলি আছে অংকিতাৰ। অংকিতাই নিজেই নিজৰ বিয়াৰ বিষয়ে প্ৰতিদিনে শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত।

জানিব পৰা মতে চলিত মাহৰ ১৪ ডিচেম্বৰত দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে অংকিতা লোখণ্ডে। অংকিতাৰ বন্ধু শ্ৰদ্ধা আৰ্যই অলপতে নিজৰ ইনষ্টা ষ্টৰীত শ্বেয়াৰ কৰিছিল অংকিতা-বিকিৰ বিয়াৰ কাৰ্ড। মুম্বাইৰ গ্ৰেণ্ড হায়াত হোটেলত বিবাহপাশত আৱদ্ধ হ’ব অংকিতা আৰু বিকি। অংকিতাই অলপতে তাইৰ বিবাহপূৰ্ব অনুষ্ঠানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল যিটো ভাইৰেল হৈ পৰিছিল ইণ্টাৰনেটত।

পিংকভিলাৰ প্ৰতিবেদন অনুসৰি, অংকিতা লোখণ্ডেই ভৰিত আঘাত পোৱাৰ বাবে নিশা ততাতৈয়াকৈ লৈ যোৱা হৈছিল হাস্পতাললৈ। অৱশ্যে কিছুৰ সময়তে ৰিলিজ দিছিল ডাক্তৰে। বিশ্ৰামৰ বাবে দিয়ে পৰামৰ্শ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...