বিয়াৰ পূৰ্বে হাস্পতালত অংকিতা লোখণ্ডে, চিকিৎসকে বিশ্ৰাম ল’বলৈ দিলে পৰামৰ্শ

অভিনেত্ৰী অংকিতা লোখণ্ডেৰ অনুৰাগীসকলৰ বাবে বেয়া খবৰ। প্ৰতিবেদন অনুসৰি জৰুৰীকালীন অৱস্থাত মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেত্ৰীগৰাকীক। যদিও তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ আৰু বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে। উল্লেখ্য যে নিজৰ বিয়াক লৈ বৰ্তমান যথেষ্ট চৰ্চা চলি আছে অংকিতাৰ। অংকিতাই নিজেই নিজৰ বিয়াৰ বিষয়ে প্ৰতিদিনে শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত।

জানিব পৰা মতে চলিত মাহৰ ১৪ ডিচেম্বৰত দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে অংকিতা লোখণ্ডে। অংকিতাৰ বন্ধু শ্ৰদ্ধা আৰ্যই অলপতে নিজৰ ইনষ্টা ষ্টৰীত শ্বেয়াৰ কৰিছিল অংকিতা-বিকিৰ বিয়াৰ কাৰ্ড। মুম্বাইৰ গ্ৰেণ্ড হায়াত হোটেলত বিবাহপাশত আৱদ্ধ হ’ব অংকিতা আৰু বিকি। অংকিতাই অলপতে তাইৰ বিবাহপূৰ্ব অনুষ্ঠানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল যিটো ভাইৰেল হৈ পৰিছিল ইণ্টাৰনেটত।

পিংকভিলাৰ প্ৰতিবেদন অনুসৰি, অংকিতা লোখণ্ডেই ভৰিত আঘাত পোৱাৰ বাবে নিশা ততাতৈয়াকৈ লৈ যোৱা হৈছিল হাস্পতাললৈ। অৱশ্যে কিছুৰ সময়তে ৰিলিজ দিছিল ডাক্তৰে। বিশ্ৰামৰ বাবে দিয়ে পৰামৰ্শ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...