সুৰাৰ বাবেই ধ্বংস হৈ গ’ল এটা দৰিদ্ৰ পৰিয়াল

যোৰহাটৰ মুৰমুৰিয়া চাহ বাগিছাত শিহৰণকাৰী ঘটনা। প্ৰহ্লাদ চোৰেণ নামৰ এজন লোকক নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়াৰ অভিযোগ কিশোৰ পুত্ৰৰ বিৰুদ্ধে। বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ঘটনাৰ পিছত পিতৃ হত্যাত অভিযুক্ত কিশোৰজনক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ পৰিয়ালৰ বিৰুদ্ধে। ৰোগাক্ৰান্ত হৈহে প্ৰহ্লাদ চোৰেণৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজক অৱগত কৰে পৰিয়ালটোৱে। শুকুৰবাৰে বিয়লি সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিহত প্ৰহ্লাদ চোৰেণৰ পত্নী দীপাঞ্জলি চোৰেণ আৰু কিশোৰ পুত্ৰক। অত্যধিক সুৰাপান কৰি ঘৰত চলোৱা অত্যাচাৰৰ বাবে পত্নী-পুত্ৰই প্ৰহ্লাদ চোৰেণক বেলচাৰে মৰিয়াই হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ অনুসন্ধানত।

যোৰহাটৰ মুৰমুৰিয়া চাহ বাগিছাত শিহৰণকাৰী ঘটনা
সুৰাৰ বাবেই ধ্বংস হৈ গ’ল এটা দৰিদ্ৰ পৰিয়াল
এজন লোকক হত্যা কৰি জ্বলাই দিলে পত্নী-পুত্ৰই
সুৰাপান কৰি ঘৰত অত্যাচাৰ কৰিছিল লোকজনে
অভিযুক্ত পত্নী আৰু কিশোৰ পুত্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ
বেলচাৰে মৰিয়াই প্ৰহ্লাদ চোৰেণক হত্যা কৰিছিল দুয়ো

কোন দায়ী?
এফালে সুৰা বিক্ৰী বৃদ্ধিৰ বাবে চৰকাৰৰ হেঁচা।
আনফালে সুৰাই শেষ কৰিছে একোটা জীৱন।
সুৰাৰ বাবেই আকৌ ধ্বংস হ’ল এটা পৰিয়াল।

কাহিনী যোৰহাটৰ মুৰমুৰিয়া চাহ বাগিচাৰ ২৮নং লাইনৰ। কাহিনী শুনি উচপ খাই উঠিছে প্ৰতিবেশী লোক। ঘটনা সংঘটিত হৈছিল বৃহস্পতিবাৰে নিশা। সমগ্ৰ কাহিনী পোহৰলৈ আহে শুকুৰবাৰে সন্ধিয়া।
যোৰহাটৰ চিনামৰা থানাৰ অন্তৰ্গত মুৰমুৰিয়া চাহ বাগিচাৰ ২৮নং লাইনত বৃহস্পতিবাৰে প্ৰহ্লাদ চোৰেন নামৰ এজন লোকক নিজ ঘৰতে হত্যা কৰি জ্বলাই দিয়া হয়। এই নৃশংস, পাশৱিক হত্যাৰ অভিযুক্ত আছিল নিহতৰেই পত্নী আৰু কিশোৰ পুত্ৰ।

সুৰাপান কৰি প্ৰহ্লাদ চোৰেনে প্ৰায়েই ঘৰত অশান্তি কৰিছিল। সুৰামত্ত প্ৰহ্লাদ চোৰেনৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছিল তেওঁৰ পত্নী-পুত্ৰ। বৃহস্পতিবাৰে নিশাও অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছিল। অতিষ্ঠ হৈ পত্নী আৰু কিশোৰ পুত্ৰই বেলচাৰে মৰিয়াই হত্যা কৰিছিল প্ৰহ্লাদ চোৰেনক। হত্যাৰ পিছত প্ৰথমে লুকুৱাই ৰখা হয় মৃতদেহটো। তাৰ পিছত সংগপোনে জ্বলাই দিয়া হয় প্ৰহ্লাদ চোৰেনৰ মৃতদেহ।

বৃহস্পতিবাৰে নিশাৰে পৰা শুকুৰবাৰে বিয়লি পৰ্যন্ত ঘটনা গাপ দি ৰাখিছিল পৰিয়ালটোৱে। হৃদৰোগত আক্ৰান্ত হৈ প্ৰহ্লাদ চোৰেনৰ মৃত্যু হোৱা বুলি প্ৰতিবেশীক কৈছিল পৰিয়ালটোৱে। কিন্তু শুকুৰবাৰে সন্ধিয়ালৈ সমগ্ৰ ঘটনা পোহৰলৈ আহে। ঘটনাস্থলীত উপস্থিত হৈ সংঘটিত অপৰাধ কাণ্ডৰ পুংখানুপুংখ তদন্ত কৰে যোৰহাট আৰক্ষীয়ে। ফৰেনচিকৰ দলেও বিজ্ঞানসন্মতভাৱে সংগ্ৰহ কৰে তথ্য-প্ৰমাণ। খোদ যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে কৰে অনুসন্ধান।

নিহত প্ৰহ্লাদ চোৰেনৰ পত্নী দীপাঞ্জলি চোৰেনক মাৰাথন জেৰা কৰে আৰক্ষীয়ে।
আৰক্ষীৰ জেৰাৰ সন্মুখীন হয় প্ৰহ্লাদ চোৰেনৰ কিশোৰ পুত্ৰও।

যোৰহাট আৰক্ষীৰ অনুসন্ধান আৰু অভিযুক্তৰ জেৰাৰ পিছত দুয়ো স্বীকাৰ কৰে প্ৰহ্লাদ চোৰেন হত্যাকাণ্ডৰ সমগ্ৰ কাহিনী। ইয়াৰ পিছতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই লোমহৰ্ষক ঘটনাক লৈ সমগ্ৰ যোৰহাটত স্বাভাৱিকতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...