আপুনি কেতিয়াবা শ্মশানত আড্ডা দি পাইছেনে?

আপুনি কেতিয়াবা শ্মশানত আড্ডা দি পাইছেনে? নিজৰ ব্যস্ততাময় জীৱনৰ পৰা কিছু সময় উলিয়াই শ্মশান ছাফ-চিকুণ কৰাৰ কথা কেতিয়াবা মনলৈ আহিছেনে। হয়তো তেনে মনোভাৱ বহুতৰে নাথাকে। কিন্তু আজি আমি আপোনালোকক দেখুৱাম শ্মশান ভালপোৱা এজন মানুহৰ কাহিনী।

শ্মশান ভালপোৱা এজন লোক
প্ৰতি দেওবাৰে তৰাজন শ্মশান পৰিস্কাৰ কৰে
যোৰহাটৰ চোলা ধৰাৰ নিবাসী দেৱজ্যোতি শ্ৰুতিকৰ
আত্মতৃপ্তিৰ বাবে বিগত ৬৮ সপ্তাহে অব্যাহত এই কাম
শ্মশানত বন্ধুৰ সৈতে আদ্দাও দিয়ে তেওঁ
জীৱনৰ অন্তিম সময়চোৱাত যাতে মৃতকে উচিত সন্মান পায়
গছপুলি ৰুই, জাবৰ-জোথৰ চিকুণাই সুন্দৰ পৰিৱেশ সৃষ্টি

হত্যা হিংসা লুণ্ঠনৰ বাতৰি নহয়। আজি জনাম এটা ইতিবাচক খবৰ। আজিৰ সমাজত এনেকুৱাও যে মানুহ আছে তাৰেই ছবি দেখুৱাম আজি। শ্মশান ভালপোৱা এজন লোক। প্ৰতি দেওবাৰে তৰাজন শ্মশানত উপস্থিত হয় লোকজন। পুৱাৰে পৰা শ্মশানখন পৰিস্কাৰ কৰাত ব্যস্ত হৈ পৰে তেওঁ। তেওঁ হৈছে যোৰহাটৰ চোলা ধৰাৰ নিবাসী দেৱজ্যোতি শ্ৰুতিকৰ। জীৱনৰ অন্তিম সময়চোৱাত যাতে এগৰাকী ব্যক্তিয়ে উচিত সন্মান পাই তাৰেই চেষ্টা দেৱজ্যোতি শ্ৰুতিকৰৰ। এটা সুন্দৰ পৰিৱেশত যাতে পাৰ্থিৱ শৰীৰটো বিলীন হৈ যায় তাৰেই প্ৰয়াস ৫৭ বৰ্ষীয় লোকজনৰ। আত্মতৃপ্তিৰ বাবে বিগত ৬৮ সপ্তাহে এই কাম অব্যাহত ৰাখিছে তেওঁ।

শ্মশানখনত বন্ধুৰ সৈতে আদ্দাও দিয়ে দেৱজ্যোতি শ্ৰুতিকৰে। গছপুলি ৰুই, জাবৰ-যোথৰ চিকুণাই এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে দেৱজ্যোতিয়ে। বৰ্তমান তেওঁ যোৰহাট পৌৰ সভাৰ ১২নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ এজন পৌৰ সদস্য। প্ৰথমে তেওৰ এই কৰ্মত ৰাজনীতি জড়িত থকাৰ সন্দেহ কৰিছিল বহুতে। কিন্তু তেওৰ এই কামত নাই কোনো ৰাজনীতিৰ প্ৰলেপ। নিঃস্বাৰ্থভাৱে তেও ব্ৰতী হৈ আছে শ্মশানৰ সৌন্দৰ্যবৰ্ধনৰ কামত। দেৱজ্যোতিৰ আহ্বান যাতে সকলো ওলাই আহে এনেধৰণৰ ইতিবাচক কামত নিয়োজিত হ’বলৈ। জীয়াই থাকোতে যদি সুন্দৰ পৰিৱেশত থাকিব পাৰে তেন্তে মৃত্যুৰ পাছতো মৃতকে লাভ কৰিব লাগে উচিত সন্মান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...