আপুনি কেতিয়াবা শ্মশানত আড্ডা দি পাইছেনে?

আপুনি কেতিয়াবা শ্মশানত আড্ডা দি পাইছেনে? নিজৰ ব্যস্ততাময় জীৱনৰ পৰা কিছু সময় উলিয়াই শ্মশান ছাফ-চিকুণ কৰাৰ কথা কেতিয়াবা মনলৈ আহিছেনে। হয়তো তেনে মনোভাৱ বহুতৰে নাথাকে। কিন্তু আজি আমি আপোনালোকক দেখুৱাম শ্মশান ভালপোৱা এজন মানুহৰ কাহিনী।

শ্মশান ভালপোৱা এজন লোক
প্ৰতি দেওবাৰে তৰাজন শ্মশান পৰিস্কাৰ কৰে
যোৰহাটৰ চোলা ধৰাৰ নিবাসী দেৱজ্যোতি শ্ৰুতিকৰ
আত্মতৃপ্তিৰ বাবে বিগত ৬৮ সপ্তাহে অব্যাহত এই কাম
শ্মশানত বন্ধুৰ সৈতে আদ্দাও দিয়ে তেওঁ
জীৱনৰ অন্তিম সময়চোৱাত যাতে মৃতকে উচিত সন্মান পায়
গছপুলি ৰুই, জাবৰ-জোথৰ চিকুণাই সুন্দৰ পৰিৱেশ সৃষ্টি

হত্যা হিংসা লুণ্ঠনৰ বাতৰি নহয়। আজি জনাম এটা ইতিবাচক খবৰ। আজিৰ সমাজত এনেকুৱাও যে মানুহ আছে তাৰেই ছবি দেখুৱাম আজি। শ্মশান ভালপোৱা এজন লোক। প্ৰতি দেওবাৰে তৰাজন শ্মশানত উপস্থিত হয় লোকজন। পুৱাৰে পৰা শ্মশানখন পৰিস্কাৰ কৰাত ব্যস্ত হৈ পৰে তেওঁ। তেওঁ হৈছে যোৰহাটৰ চোলা ধৰাৰ নিবাসী দেৱজ্যোতি শ্ৰুতিকৰ। জীৱনৰ অন্তিম সময়চোৱাত যাতে এগৰাকী ব্যক্তিয়ে উচিত সন্মান পাই তাৰেই চেষ্টা দেৱজ্যোতি শ্ৰুতিকৰৰ। এটা সুন্দৰ পৰিৱেশত যাতে পাৰ্থিৱ শৰীৰটো বিলীন হৈ যায় তাৰেই প্ৰয়াস ৫৭ বৰ্ষীয় লোকজনৰ। আত্মতৃপ্তিৰ বাবে বিগত ৬৮ সপ্তাহে এই কাম অব্যাহত ৰাখিছে তেওঁ।

শ্মশানখনত বন্ধুৰ সৈতে আদ্দাও দিয়ে দেৱজ্যোতি শ্ৰুতিকৰে। গছপুলি ৰুই, জাবৰ-যোথৰ চিকুণাই এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে দেৱজ্যোতিয়ে। বৰ্তমান তেওঁ যোৰহাট পৌৰ সভাৰ ১২নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ এজন পৌৰ সদস্য। প্ৰথমে তেওৰ এই কৰ্মত ৰাজনীতি জড়িত থকাৰ সন্দেহ কৰিছিল বহুতে। কিন্তু তেওৰ এই কামত নাই কোনো ৰাজনীতিৰ প্ৰলেপ। নিঃস্বাৰ্থভাৱে তেও ব্ৰতী হৈ আছে শ্মশানৰ সৌন্দৰ্যবৰ্ধনৰ কামত। দেৱজ্যোতিৰ আহ্বান যাতে সকলো ওলাই আহে এনেধৰণৰ ইতিবাচক কামত নিয়োজিত হ’বলৈ। জীয়াই থাকোতে যদি সুন্দৰ পৰিৱেশত থাকিব পাৰে তেন্তে মৃত্যুৰ পাছতো মৃতকে লাভ কৰিব লাগে উচিত সন্মান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...