কৰ্ণাটকত কংগ্ৰেছৰ সফলতাৰ মূলৰূপে স্বীকৃত এইজন লোক

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চমকপ্ৰদ সাফল্য লাভ কৰাৰ পিছতে চৰ্চালৈ আহিছে ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নোহোৱা এজন লোকৰ নাম। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত নিৰ্বাচনী ৰণকৌশলী ৰূপে চিহ্নিত হৈছিল প্ৰশান্ত কিশোৰৰ নাম। এইবাৰ কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছৰ অভাৱনীয় সাফল্যৰ পিছত চৰ্চালৈ আহিছে আন এজন নিৰ্বাচনী ৰণকৌশলী সুনীল কানুগলুৰ নাম। দলৰ শীৰ্ষ নেতা মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ লগতে বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত অন্যতম ভূমিকা পালন কৰে প’ল ষ্ট্ৰেটেজিষ্ট সুনীল কানুগলুৱে।

কৰ্ণাটকত কংগ্ৰেছৰ অভাৱনীয় সফলতা

কৃতিত্বৰ অধিকাৰী দলৰ শীৰ্ষ নেতৃত্ব

সমানে চৰ্চিত হৈছে আন এজনৰ নামো

কংগ্ৰেছৰ সফলতাৰ মূলৰূপে স্বীকৃত এইজন লোক

কাৰ ৰণকৌশলত কৰ্ণাটক দখল কৰিলে কংগ্ৰেছে?

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, ছোনিয়া গান্ধীকে ধৰি কংগ্ৰেছৰ আন নেতাসকলৰ কঠোৰ পৰিশ্ৰম তথা পৰিকল্পনাৰ বাবেই এইবাৰ কৰ্ণাটকত কংগ্ৰেছে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হ’ল। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ এই বিজয়ৰ পিছতে প্ৰকাশ কৰে যে কৰ্ণাটকত ইতিমধ্যে অন্ত পৰিল ঘৃণাৰ বজাৰ আৰু ইয়াৰ লগে লগে ৰাজ্যখনত আৰম্ভ হ’ল প্ৰেমৰ দোকান। কিন্তু ৰাজ্যখনত কংগ্ৰেছৰ এই চমকপ্ৰদ সাফল্যৰ বাবে মূল কৃতিত্বৰ অধিকাৰী কোন? কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ৰ পথ সুগম কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াইছে প’ল ষ্ট্ৰেটেজিষ্ট সুনীল কানুগলুৱে। দলীয় প্ৰচেষ্টাৰ লগতে নিৰ্বাচন জয়ৰ ক্ষেত্ৰত শেহতীয়াকৈ নিৰ্বাচনী ৰণকৌশলীৰ ভূমিকাও লক্ষ্যণীয় হৈ পৰিছে।

কিন্তু কোন এই সুনীল কানুগলু?

সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত কৰ্ণাটকত কংগ্ৰেছৰ পথ প্ৰদৰ্শকৰ দায়িত্ব গ্ৰহণ কৰিছিল ৰণকৌশলী সুনীল কানুগলুৱে। ৩৯ বছৰীয়া কানুগলুৰ পৰিকল্পনা মতেই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল কংগ্ৰেছ। তেওঁৰ পৰামৰ্শ অনুসৰণ কৰিয়েই বিজেপিক মুখ থেকেচা খুৱাবলৈ সক্ষম হ’ল কংগ্ৰেছ। ২০১৪ৰ লোক সভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীক নিৰ্বাচনী পথ প্ৰদৰ্শন কৰা গোটটোৰ অন্যতম সদস্য আছিল সুনীল। কেৱল এয়াই নহয় ২০১৮ত গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে ২০১৬ চনত DMK কো পথ দেখুৱাইছিল এই সুনীল কানুগলুৱে।

কৰ্ণাটকত কংগ্ৰেছৰ ‘SOUL & BRAIN’ আছিল সুনীল কানুগলু

২০২৪ৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছৰ দায়িত্ব সুনীলৰ কান্ধত

ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰাৰো পৰিকল্পনা আছিল সুনীলৰ

প’ল ষ্ট্ৰেটেজিষ্ট প্ৰশান্ত কিশোৰৰ সহযোগী আছিল সুনীল কানুগলু

সাধাৰণতে লোকচক্ষুৰ আঁৰত থাকি দলীয় ৰণকৌশল প্ৰস্তুত কৰি অহা সুনীলে সংবাদমাধ্যমৰ পৰাও আঁতৰি থাকে। কৰ্ণাটকত কংগ্ৰেছৰ নিৰ্বাচনী কৌশলৰ দায়িত্ব লোৱাৰ পিছতে সুনীলে

১০০জন সহযোগীক লৈ স্থাপন কৰে এক ২৪ ঘণ্টীয়া ‘ৱাৰ ৰুম’

সুনীলৰ সহযোগীৰূপে আছিল কেবাজনো IITan আৰু IIMৰ ডিগ্ৰীধাৰী

প্ৰতিটো সমষ্টিৰ জনগাঁথনিৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল পৰিকল্পনা

কংগ্ৰেছৰ বাবে সুনীল কানুগলুৰ দায়িত্ব ইয়াতেই শেষ হোৱা নাই। আগন্তুক লোকসভা নিৰ্বাচনৰ লগতে মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে মূল পৰিকল্পনাকাৰীৰ দায়িত্ব অৰ্পন কৰিছিল সুনীলৰ ওপৰত। ২০১৭ চনত উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ বিজয়ৰ পথ সুগম কৰি তোলাৰ ক্ষেত্ৰত প্ৰভুত বৰঙণি আগবঢ়াইছিল এই সুনীল কানুগলুৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত...

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...