জোনাইৰ বনাঞ্চলত গছৰ গুটি সিঁচিলে এদল ছাত্ৰ-ছাত্ৰীয়ে

প্ৰকৃতিৰ মোহত মোহাচ্ছন্ন এদল ছাত্ৰ-ছাত্ৰী
প্ৰকৃতি সংৰক্ষণৰ অভিনৱ পদক্ষেপ
গতানুগতিকতাৰ বিপৰীতে অগতানুগতিক কাৰ্য
প্ৰকৃতি সংৰক্ষণৰ বাবে গছৰ গুটি সিঁচিলে
জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত সিঁচিলে বীজ
জোনাই বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ পদক্ষেপ

গুৱাহাটী, ২১ জুন, NKTV: প্ৰকৃতি মোহত মোহাচ্ছন্ন এদল ছাত্ৰ-ছাত্ৰী। গতানুগতিকতাৰ বিপৰীতে প্ৰকৃতি সংৰক্ষণৰ বাবে ওলাই আহি গ্ৰহণ কৰিলে অভিনৱ পদক্ষেপ। বৃক্ষৰোপন নকৰি বনাঞ্চলত গছৰ বীজ সিঁচি পৰিৱেশ সংৰক্ষণৰ চেষ্টা জোনাইৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ। জোনাই বালিকা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ নেতৃত্বত ছাত্ৰীসকলৰ লগতে স্থানীয় একাংশ প্রকৃতিপ্রেমী যুৱকে পবা সংৰক্ষিত বনাঞ্চলত বৰুণ, ডিমৰু, ক্ৰছ আদি কেবাটাও প্ৰজাতিৰ গছৰ বীজ সিঁচে।

বৃক্ষৰোপণৰ পৰিৱৰ্তে গছৰ গুটি সিঁচি প্ৰকৃতি সংৰক্ষণৰ চেষ্টা এইসকল ছাত্ৰী তথা প্ৰকৃতিপ্ৰেমী যুৱকৰ। পবা সংৰক্ষিত বনাঞ্চলৰ মাটিত গছৰ বীজ সিঁচাৰ উপৰিও পবা বন্যপ্রাণী সুৰক্ষা সমিতিৰ সদস্যসকলে বনাঞ্চলৰ তিনিমাইলত চাফ-চিকুণ কৰে চৌপাশ। গছপুলি ৰোপণৰ বিপৰীতে গছৰ গুটি সিঁচি পৰিৱেশ ৰক্ষা কৰা চেষ্টা নিসন্দেহে এক নতুন পদক্ষেপ। ছাত্ৰী তথা প্ৰকৃতিপ্ৰেমী লোক সকলৰ এই পদক্ষেপক আদৰণি জনাইছে বন বিভাগে।

ধেমাজিৰ পৰা হৰেন্দ্ৰ নাথ শৰ্মাৰ ৰিপৰ্ট, NK TV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...