চৰকাৰে গম নোপোৱাকৈ ৰাইজে নিৰ্মাণ কৰিছে ৰ’পৱে

চহৰ বা মহানগৰত নহয়
এখন ভিতৰুৱা গাঁৱত নিৰ্মাণ হৈছে এখন ৰ’পৱে
চৰকাৰে গম নোপোৱাকৈ ৰাইজে নিৰ্মাণ কৰিছে ৰ’পৱে

গুৱাহাটী, ২১ জুন, NKTV: চৰকাৰে একো সুবিধা কৰি নিদিলে, কি খৰালি, কি বাৰিষা, ৰাইজে এনেদৰেই নৈ পাৰ হৈ যাব লাগে সিপাৰলৈ। ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা নৈ পাৰ হৈ বিপদসংকুল যাত্ৰা একাংশ লোকৰ। সেয়ে ৰাইজে মিলি ল’লে এটা ডাঙৰ সিদ্ধান্ত। চহৰত নহয়,গাঁৱতে নিৰ্মাণ কৰিব ৰ’প ৱে। কথামতেই কাম,ৰাইজে পকেটৰ ধন খৰচ কৰি আৰম্ভ কৰিছে ৰ’প ৱে নিৰ্মাণৰ কাম। তামুলপুৰৰ কাউলী-কুমাৰীকাটাৰ ৰাইজে পাৰাপাৰ হ’বলৈ হাতত লৈছে ৰ’পৱে নিৰ্মাণৰ কাম।

ৰাইজে নৈ জোকাৰিলে নৈ বয়,দুয়োটা পাৰৰ ৰাইজে মিলি সিদ্ধান্ত লৈছে ৰ’পৱে নিৰ্মাণৰ কাম। যুদ্ধকালীন প্ৰস্তুতিৰে তামুলপুৰৰ নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা সংযোগী গড়কাপ্তানী পথৰ মাজত থকা মটঙা নৈৰ ওপৰত নিৰ্মাণ চলিছে ৰ’পৱে নিৰ্মাণৰ কাম। প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই মিনি ৰ’পৱেৰ কাম যথেষ্টখিনি আগবাঢ়িছে। ১২–১৪জন লোক যাব পাৰিব মিনি ৰ’পৱেৰে। জৰুৰীকালীন সময়ত অটোৰিক্সাও পাৰ কৰাৰ সুবিধা থাকিব ৰ’পৱেত। মটঙা নৈৰ ওপৰত নিৰ্মাণ কৰা ৰ’পৱেৰ বাবে প্ৰয়োজন হোৱা সমস্ত ধন ব্যয় হ’ব ৰাইজৰ পকেটৰ পৰা। ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰি থকা হৈছে ৰ’পৱেৰ কাম। চৰকাৰক আবেদন–নিবেদন জনাই ফল নধৰাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে নিজেই ৰ’পৱে নিৰ্মাণৰ কাম হাতত লৈছে। সকলো ঠিকে ঠাকে থাকিলে অহা এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব ৰ’পৱে নিৰ্মাণৰ কাম।

তামুলপুৰৰ পৰা আৰিফ আহমেদৰ ৰিপৰ্ট, এনকে টিভি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...