ইউৰো কাপত আজি ৪ খন খেল

ইউৰো কাপত বৃহৎ জয় ছুইজাৰলেণ্ডৰ
তুৰস্কক সোমবাৰে ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ছুইচ দলটোৱে
ৱেলছক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিলে ইটালীয়ে
ইউৰো কাপত আজি ৪ খন খেল

গুৱাহাটী, ২১ জুন, NKTV: ইউৰো কাপৰ জ্বৰত যেন এতিয়া আক্ৰান্ত হৈ আছে বিশ্ববাসী, দৈনিক উত্তেজনাপূৰ্ণ মেচ উপভোগ কৰি আছে ফুটবল প্ৰেমীয়ে। দেওবাৰে অনুষ্ঠিত হোৱা ২খন মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে ইটালী আৰু চুইজাৰলেণ্ড। ৱেলছৰ বিৰুদ্ধে হোৱা এখন গুৰুত্বপূৰ্ণ খেলত Matteo Pessinarৰ ৩৯ মিনিটৰ গলৰ সহায়ত ইটালীয়ে পৰাস্ত কৰে গাৰেথ বেল নেতৃত্বাধীন ৱেলছ দলক। ইপিনে হাৰিছ চেফাৰঅভিকৰ আৰু ছাকিৰিৰ গলৰ সহায়ত জয়লাভ কৰে ছুইচ দলটোৱে। এই পৰাজয়ৰ পিছত ইউৰো কাপৰ পৰা বাহিৰ হৈছে ‘ ডাৰ্ক হৰছেছ’ বুলি পৰিচিত তুৰস্ক দলটো। ইপিনে আজি ৯.৩০ বজাত ইউক্ৰেইনৰ লগত খেলপথাৰত নামিব অষ্ট্ৰিয়াৰ দলটো। একেই সময়তে আমষ্টাৰডামত যুঁজ দিব নৰ্থ মাচেদনীয়া আৰু নেদাৰলেণ্ডয়ে। আনহাতে নিশা ১২.৩০ ত ৰাছিয়াৰ বিৰূদ্ধে অৱতীৰ্ণ হব ডেনমাৰ্কৰ দলটো। আন এখন মেচত বেলজিয়ামে একে সময়তে ফিনলেণ্ডৰ লগত আগ বঢ়াব প্ৰতিদ্বন্দিতা। ইপিনে

কোপা আমেৰিকাত ড্ৰ খেলিলে ইকুৱেডৰ আৰু ভেনেজুৱেলাই
আন এখন মেচত কল’ম্বিয়াক পৰাভূত কৰিলে পেৰুৱে

ইউৰো কাপৰ সমানে সমানে কোপা আমেৰিকাতো চলি আছে শ্বাসৰুদ্ধকৰ প্ৰতিযোগিতা। সোমবাৰে পুৱতি নিশা অনুষ্ঠিত হোৱা ২খন মেচৰ এখন হয় ড্ৰ আৰু আন এখনত জয়লাভ কৰে পেৰুই। প্ৰথম খন মেচ ইকুৱেডৰ আৰু ভেনেজুৱেলাৰ মাজত ২-২ গলত ড্ৰ হয়। আনহাতে পেৰুৰ চাৰগিও পেনাৰ ১৭ মিনিটৰ গ’ল আৰু ভেনেজুলাৰ য়েৰী মিনাৰ ৬৪ মিনিটত হোৱা এটা গলৰ বাবে জয়লাভ কৰে পেৰুৰ দলটো। ইপিনে আজি নিশা ২.৩০ বজাত চিলীৰ বিৰুদ্ধে খেলিব লুইচ ছুৱাৰেজৰ উৰুগুৱে। ইফালে মঙ্গলবাৰে পুৱা ৫.৩০ বজাত পেৰাগুৱেৰ বিৰুদ্ধে খেলিব আৰ্জেণ্টিনাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...