এগৰাকী সাহসী শিক্ষয়িত্ৰী

‘শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজেই জ্বলি আনক পোহৰ দিয়ে’ – এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰিলে এইগৰাকী শিক্ষয়িত্ৰীয়ে। অসমৰ বিভিন্ন অঞ্চলত এতিয়া বানৰ বিভীষিকা। জলমগ্ন ৰাজ্যৰ বহু অঞ্চল। বানপানীৰ বাবেই বহু ঠাইত বন্ধ হৈ পৰিছে পাঠদান। কিন্তু এইগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰতিকুল বতৰকো নেওচি নিজৰ কৰ্মস্থানত উপনীত হ’বলৈ অদম্য সাহসেৰে এখন টুলুঙা নাৱেৰে যাত্ৰা কৰিছে। বঙাইগাঁৱৰ শিক্ষয়িত্ৰী জুৰি দাসৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অতি ভিতৰুৱা আৰু যাতায়াতৰ সু-ব্যৱস্থা নথকা এলেকাত অৱস্থিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাৰিষা কালত যাতায়াতৰ একমাত্ৰ সম্বলেই হৈছে নাও। বঙাইগাঁৱৰ বইটামাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত দৰ্শাটিলা প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী জুৰি দাসেও বাৰিষা নাও চলাইয়ে আহে বিদ্যালয়লৈ। চৰকাৰী নাৱৰ ব্যৱস্থা নথকাৰ লগতে নাৱৰীয়া নথকাৰ বাবে শিক্ষয়ত্ৰী গৰাকীয়ে বাৰিষা কালত বিপদসংকুল ভাৱে ছাত্ৰ-ছাত্ৰী সকলক নিজে নাও চলাই বিদ্যালয় লৈ অনা-নিয়া কাৰ্য অব্যাহত ৰাখিছে। প্ৰতিকুল পৰিস্থিতিৰ মাজতো নিজ কৰ্তব্য সম্পাদন কৰাত পিছ হুহকি নাথাকে বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে শিক্ষয়িত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...