২৫ জুন, ১৯৭৫ : ভাৰতীয় গণতন্ত্ৰৰ ক’লা দিন

0 918

✒️অশোক সিংহল

৪৭ বছৰৰ আগৰ ঠিক আজিৰ দিনটোতে সংঘটিত এক অপ্রত্যাশিত ঘটনাই আমাৰ দেশৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষসকলে জাতিটোক প্ৰদান কৰি যোৱা সংবিধানখন আৰু ইয়াৰ অন্তৰাত্মাক কঁপাই তুলিছিল। সংসদত ভোটদান কৰাত বাধা আৰোপ কৰি এলাহাবাদ উচ্চন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জগমোহনলাল সিনহাই প্রদান কৰা অযোগ্যতাৰ ৰায়ৰ সিদ্ধান্তক সহজে লব নোৱাৰি তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ এই দিনটোতেই দেশত জাপি দিছিল জৰুৰীকালীন অৱস্থা, যি ঘটনাই যিকোনো গণতান্ত্রিক গণৰাজ্যৰ মূল আধাৰস্বৰূপ সৰ্বসাধাৰণ নাগৰিকৰ স্বাধীনতাত হানিছিল এক প্রচণ্ড কুঠাৰাঘাত।

ভাৰতীয় ইতিহাসৰ এই একক মুহূৰ্তটোৱে আমাক সকলোকে আজিও এই কথাই সোঁৱৰাই যে যিকোনো মূলাৰ বিনিময়তে আমাৰ সভ্যতাই প্ৰদান কৰা মূল্যবোধ তথা অমূল্য সাংস্কৃতিক পৰম্পৰাসমূহক আমি জীয়াই ৰাখিবই লাগিব। নিজৰ জীৱনকো তুচ্ছ কৰি যিদৰে সমগ্ৰ দেশৰ কোটি কোটি নাগৰিকে সেই সময়ত গণতন্ত্ৰ ৰক্ষাৰ বাবে একগোট হৈ ঠিয় দিছিল, সেয়া মানৱ ইতিহাসবেই এক বিৰল পৰিঘটনা। ভাৰতৰ স্বাধীনতা আন্দোলনত নিজৰ ভূমিকাক লৈ সদায়েই গৌৰৱ কৰি অহা কংগ্ৰেছ পার্টিয়ে (এতিয়া কাৰ্যকৰীভাৱে ইন্দিৰা কংগ্ৰেছ) যে সুযোগ পালে ক্ষমতাৰ স্বাৰ্থত যিকোনো স্তৰলৈকে নিজকে অৱনমিত কৰিব পাৰে আৰু সেই ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’লে যে আপোন মানুহৰ ওপৰতো প্রতিশোধ লবলৈ কুণ্ঠাবোধ নকৰে, ই আছিল দেশবাসীলৈ তাৰেই এক সংকেত।

সেই সময়ত মোৰ বয়স আছিল মাত্ৰ ৮ বছৰ, কিন্তু ক’বলগীয়া বহু ব্যক্তিগত স্মৃতি মোৰ মানসপটত আজিও সজীৱ হৈ আছে। মোৰ পিতৃ প্রয়াত পৰমানন্দ সিংঘল ভাৰতীয় জন সংঘৰ এগৰাকী নেতা আছিল আৰু ইয়াৰ আভ্যন্তৰীণ কাম কাজৰ অংশ আছিল, যাৰ ফলত আমাৰ বাসগৃহতো চৰকাৰৰ মানুহে অহৰহ নজৰ ৰাখিছিল। অৱশেষত ১৯৭৬ চনৰ ৩০ নৱেম্বৰ তাৰিখে দেউতাক গ্ৰেপ্তাৰ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। প্ৰতিবাদী কাঞ্জয্যকলাপৰ তথ্য উদ্ধাৰ কৰিবলৈ তথা লোক সংঘৰ্ষ সমিতিৰ কাম-কাজৰ পৰা আঁতৰি থকাৰ ভয়-ভাবুকিৰে। তেওঁৰ ওপৰতো চলোৱা হৈছিল অপৰিসীম নির্যাতন।

আমাৰ জীৱনৰ বাবে বিশেষভাৱে গুৰুত্বপূর্ণ সেই ২১ টা মাহত আমাৰ পৰিয়ালটোৱে কি অবর্ণনীয় পৰিস্থিতিৰ

সন্মুখীন হব লগা হৈছিল, সেই কথা আজিও মোৰ মনত আছে। মোৰ আজিও মনত আছে যে মোৰ মা ইন্দুমতী

সিংঘাল, মোৰ সৰু ভনী মঞ্জু আৰু ম‍ই নিজেও এশ দিনলৈকে দেউতাক কাৰাগাৰত লগ কৰিব নোৱাৰিছিলোঁ। ১০০

দিনৰ পাছত আমাক দেউতাক লগ কৰাৰ অনুমতি দিয়া হৈছিল, কিন্তু সেয়াও মাথোঁ ১৫ মিনিটৰ বাবে । পিছলৈ সাংগঠনিক নেতা-কৰ্মীসকলে ৰাতি দুপৰত ইজনে সিজনক লগ কৰিবলৈ আমাৰ ঘৰলৈ আহিছিল, আত্মগোপনকাৰী কৰ্মীসকলক দিবলৈ খাদ্যৰ পেকেট তৈয়াৰ কৰা হৈছিল। কাৰো চকুত নপৰিবৰ বাবে মাজনিশা মমবাতিৰ পোহৰত লেখা-মেলাৰ কাম-কাজ কৰা হৈছিল আৰু আমাৰ ঘৰটো প্ৰচাৰ-পত্ৰ আদি বিতৰণৰ এক কেন্দ্ৰস্বৰূপ হৈ পৰিছিল।

মই যেতিয়া ডাঙৰ হলোঁ আৰু সেই সময়ছোৱাত মোৰ নিজৰ পৰিয়ালটোৱে সন্মুখীন হোৱা কষ্টৰ কথা উপলব্ধি কৰিব পাৰিলোঁ, তেতিয়া মোৰ বৰ্তমানৰ বহু নায়কৰ দৰে নিজৰ আৰু দেশবাসীৰ অধিকাৰৰ বাবে থিয় দিয়াৰ ক্ষেত্ৰত পোৰ পৰিয়াল আৰু আত্মীয়-স্বজনে সেই সময়ত প্ৰদৰ্শন কৰা সাহস আৰু সংকল্পৰ কথা ভাবি প্রশংসা গর্বিত অনুভৱ কৰিলোঁ। সি যি নহওক, পৰৱৰ্তী সময়ত দেশৰ পৰিস্থিতিয়ে, যি সময়ত “বিৰোধিতাৰ অৰ্থ আছিল মাথোঁ দেশদ্রোহ” – মোৰ ৰাজনৈতিক মতাদর্শক এক স্বকীয় ৰূপ প্ৰদান কৰিলে। গণতান্ত্রিক প্রতিষ্ঠানসমূহক শব্দটোৰ প্ৰকৃত অৰ্থত কেনেকৈ ভেঙুচালি কৰা হ’ল, সেয়া মই দেখিবলৈ পালোঁ।

ৰাজনৈতিক নেতা, নির্বাচিত জনপ্রতিনিধি, সকলো প্ৰকাৰৰ সাংবাদিক আৰু আজিৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বপুৰুষস্বৰূপ আৰ এছ এছ তথা জনসংঘৰ লগত তিলমানো সংযোগ ৰখাৰ সম্ভাৱনা থকা যিকোনো ব্যক্তিকেই তুলি লৈ জনাকীর্ণ কাৰাগাৰৰ অন্ধ কুঠৰীলৈ নিক্ষেপ কৰা হল। প্রধানমন্ত্রী বা কংগ্ৰেছ দলৰ বিৰোধীসকলৰ ওপৰত আইনৰ যিকোনো ধৰণৰ ধাৰা প্ৰযোজ্য কৰি ব্যৱহাৰ কৰা হৈছিল। সকলোৰে বিড়ম্বনা আছিল ইয়েই যে এহাতে তেতিয়াৰ প্রধানমন্ত্ৰীগৰাকীয়ে গণতন্ত্ৰৰ নামত নিজৰ পদক্ষেপক সুৰক্ষা প্ৰদান কৰি ঘূৰি ফুৰিছিল, আনহাতে নিজে গণতন্ত্রকেই প্ৰত্যাহ্বান জনাইছিল! এইটো এটা “তিতা বড়ি’ বুলি স্বীকাৰ কৰাৰ পিছতো তেওঁ দেশ ৰক্ষাৰ নামত নিজৰ স্বৈৰাচাৰী সিদ্ধান্তৰ পক্ষ লৈছিল। বিশ্বৰ সন্মুখত লাহে লাহে এক গণতান্ত্রিক পৰিকাঠামো গঢ়ি তুলিবলৈ সক্ষম হোৱা এখন দেশক স্বাধীনতা সংগ্রামী আৰু দেশপ্ৰেমিকৰ চকুত ধ্বংস কৰা হৈছিল। সকলোৰে মনলৈ এইটো প্রশ্নই আহিছিল:

“যিটো দিনৰ বাবে আমি ইমান ত্যাগ কৰিছিলোঁ, সেই দিনটো ইয়েই আছিল নেকি?” সেই অন্ধকাৰ সময়ৰ বিষয়ে পৰৱৰ্তী সময়ত কৰা পঢ়া-শুনাই এতিয়াও মোক খেদি ফুৰে। মাত্র চণ্ড বছৰ বয়সীয়া ভাৰতীয় গণৰাজ্যক ইমান সহজে এটা পৰিয়াল বা দলে নিজৰ মালিকানাধীন অধিকাৰ হিচাপে ল’ব পাৰে। বুলি ভাবি মোৰ আজিও কঁপনি উঠে। স্বাধীনতাৰ প্ৰকৃত অৰ্থ এইটোৱেই আছিল নেকি যাৰ বাবে এই দেশৰ জনসাধাৰণে নিজৰ সকলো ত্যাগ কৰিছিল ?

জনতাৰ প্ৰতিবাদ, বাতৰি কাকত, আনকি ফুচফুচনিৰ জৰিয়তেও কথাবোৰ মুকলি হোৱাৰ লগে লগে প্ৰকৃত বাস্তৱতা উন্মোচন হ’বলৈ আৰম্ভ কৰিলে। ই আছিল এনে এক বাস্তৱ, যিটো কল্পকাহিনীৰো অগোচৰ আছিল। সকলো ধৰণৰ নিষ্ঠুৰতা এক স্বাভাৱিক ঘটনাস্বৰূপ হৈ পৰিল আৰু ক্ষমতাৰ বেদীত বহুতো বহুমূলীয়া জীৱন বলিদান দিয়া হ’ল। বিধানসভা, ন্যায়পালিকা, কাৰ্যপালিকা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম সকলোকে জোৰ-জবৰদস্তি বা লোভত বশ কৰা হৈছিল, যিয়ে আমাৰ গণতান্ত্রিক পৰিগাথনিটোক ভাবিব নোৱৰাকৈ নিম্ন স্তৰলৈ লৈ গৈছিল। আটাইতকৈ বেয়া কথাটো হ’ল সংসদতো আপোচ কৰা হ’ল। বিৰোধী দলৰ বেছিভাগ সাংসদ কাৰাগাৰৰ আঁৰত থকাৰ বাবেই কাৰ্যক্ষম গণতন্ত্ৰৰ বাবে বিলসমূহ বিৰোধহীনভাৱেই গৃহীত কৰা হৈছিল। ৰাষ্ট্ৰপতিৰ শাসনৰ জৰিয়তে ৰাজ্যসমূহক নিজৰ ক্ষমতা তথা অধিকাৰ ব্যৱহাৰ কৰাত বাধা দিয়া হৈছিল আৰু নিৰ্বাচিতসকলক উফৰাই পেলোৱাৰ বাবে পক্ষপাতিত্বৰ অভিসন্ধি ৰচা হৈছিল। তোষামোদ বা চাতুকাৰিতাই এক বিশাল ৰূপ পাইছিল আৰু যুক্তিবাদৰ গ্ৰহণকাৰী কম আছিল। এনে লাগিছিল যেন অধিক ভয়ংকৰ ৰূপত ব্ৰিটিছ ৰাজ পুনৰবাৰ দেশলৈ ঘূৰি আহিছিল। গণতন্ত্ৰৰ হত্যাৰ তেজেৰে নিজৰ ইতিহাস তিতি থকা এটা দলে আজি গণতান্ত্রিক প্ৰতিষ্ঠানৰ কথা কোৱাটোত এতিয়া মই সঁচাকৈয়ে আচৰিত হৈছো।

সি যি নহওক, এই নিস্তব্ধ সময়ৰ মাজতো জনসাধাৰণৰ কণ্ঠ ক্ৰমাৎ সবল হৈ আহিল। লাহে লাহে, কিন্তু শক্তিশালীভাবে। যিসকলে কংগ্ৰেছ দলক নিজৰ অধিকাৰৰ প্ৰতিনিধিত্বকাৰী হিচাপে গ্ৰহণ কৰিছিল, তেওঁলোকেও উপলব্ধি কৰিছিল যে তেওঁলোক কিমান ভুল কৰিছিল। সৰল নৈতিকতাবোধ থাকা নেতাৰ উত্থান হ’বলৈ ধৰিলে। বাতৰি কাকতৰ সম্পাদক আৰু সাংবাদিকসকল মুক্ত ইচ্ছা আৰু গণতন্ত্ৰৰ ধ্বজাবাহী হৈ পৰিল যদিও ইয়াৰ ব্যতিক্রমো আছিল। ব্যক্তিগত স্বাচ্ছন্দঞ্জয়ক একাষৰীয়া কৰি জাতিৰ স্বাৰ্থত সম মতাদৰ্শৰ দেশবাসী ৰাজপথত নামি পৰিল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মুক্ত চিন্তাধাৰাৰ মানৱতাবাদীসকল এই আন্দোলনকাৰীসকলৰ পক্ষত ঠিয় হ’ল। সকলো প্ৰান্তৰ পৰা ভাৰতবৰ্ষৰ শুভাকাংক্ষীসকলে এই দুঃসময়ৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিলে। আটাইতকৈ বেয়া সময় আছিল, তথাপিও নতুন ৰাজনীতিয়ে দায়িত্ব লোৱাৰ বাবে সেইটোৱেই আছিল সর্বোত্তম সময়। গণতন্ত্ৰৰ নৱজাত পৰ্যায়ত থকা এটা জাতিয়ে বহুত মূলাৰ বিনিময়ত অন্ধপূজাৰ বিপদৰ বিষয়ে হৃদয়ংগম কৰিবলৈ সক্ষম হ’ল। অৱশেষত ইন্দিৰা আৰু কংগ্ৰেছৰ প্ৰাচীৰ ভাঙি গ’ল আৰু ভাৰতত এক নতুন ৰাজনীতিয়ে আৰম্ভণিৰ সংকেত দিলে ।

প্রধানমন্ত্রী নবেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া “মন কি বাতত সেই দিনবোৰৰ কথা আমাক আকৌ এবাৰ সোঁৱৰাই দিলে। লাখ লাখ লোকৰ ত্যাগক স্মৰণ কৰি তেওঁ সেই দিনবোৰ পাহৰি নাযাবলৈ জাতিটোক আহ্বান জনালে। ভাবিলে আচৰিত নালাগেনে, সেইখন আসনতে এদিন আছিল এজন নির্বাচিত প্রধানমন্ত্রী, যিয়ে ভাৰতীয়ত্বৰ ৰীতি-নীতি-পৰম্পৰা আৰু আমাৰ প্ৰতিষ্ঠাপক পিতৃপুৰুসকলৰ তথা লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ আদৰ্শক মোহাৰি পেলাবলৈও এবাৰো আক্ষেপ কৰা নাছিল নাছিল আৰু প্ৰায় ডেটা বছৰৰ বাবে ফেচিবাদৰ তীখাৰ হাত দুখন কঠোরভাবে খামুচি ধৰি ৰাখিছিল।

সেই অন্ধকাৰ দিনবোৰত গণতন্ত্রক বচাবলৈ যুঁজ দিয়াসকলক সম্বৰ্ধনা আৰু স্বীকৃতি দিয়াৰ বাবে আমি লোকতন্ত্র সেনানীসকলৰ পৰিয়ালৰ সদস্যসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো। আজি এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আজি সেই দিনবোৰলৈ উভতি চোৱাৰ পৰত অসমৰ জনসাধাৰণলৈ আৰু বিশেষভাৱে এক নিষ্ঠুৰ শাসন ব্যৱস্থাৰ হাতত ব্যক্তিগতভাৱে ক্ষতিগ্রস্ত হোৱাসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকললৈ মোৰ বিনম্র আহ্বান ইয়েই যে এই অমৃত কালত আমাৰ দেশখন সমৃদ্ধিৰ উচ্চ শিখৰলৈ আগবাঢ়ি যোৱাৰ পৰত গণতন্ত্ৰ আৰু স্বাধীনতাক আমি পথ প্ৰদৰ্শক পোহৰ হিচাপে আঁকোৱালি লওঁ আহক।

লেখকৰ ই-মেইল : singhalashok@gmail.com

(লেখক অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্রী)

Leave A Reply

Your email address will not be published.