এইবাৰ বাগৰি পৰিল কেৰাচিন তেল ভর্তি টেংকাৰ

এইবাৰ বাগৰি পৰিল কেৰাচিন তেল ভর্তি এখন টেংকাৰ। ইয়াৰ পাছতেই হাতে হাতে গেলন, বাল্টি লৈ সেই স্থানত ভিৰ কৰিলেহি একাংশ লোকে। বাগৰি পৰা তেল গেলনত ভৰাবলৈ মানুহৰ লাগিল হেতা-ওপৰা। এই ঘটনা সংঘটিত হৈছে তিতাবৰত।

শনিবাৰে কেৰাচিন তেলক লৈ তিতাবৰৰ একাংশ লোকৰ মাজত হেতা-ওপৰা লাগে। নাগালেণ্ডলৈ কেৰাচিন তেল কঢ়িয়াই নিয়া এখন টেংকাৰ তিতাবৰৰ কাছজান বামুণগাঁওত দুৰ্ঘটনাত পতিত হৈ পথৰপৰা বাগৰি পৰে। ইয়াৰ পাছতেই দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ পৰা কেৰাচিন তেল নিগৰি বৈ যাবলৈ ধৰে। কথাটো বনজুইৰ দৰে বিয়পি পৰে৷ লগে লগে হাতে হাতে বটল, বাল্টিং, গেলন লৈ তেল সংগ্ৰহ কৰিবলৈ ঘৰৰ পৰা ঢপলিয়াই আহিল একাংশ লোক। পথছোৱাৰ নলাটোত কেৰাচিন তেল ভৰ্তি হৈ পৰাত স্থানীয় লোকসকলে তেল সংগ্রহ কৰিবলৈ হেতা-ওপৰা লগায়। আৰক্ষীয়ে এই কাৰ্যত বাৰে বাৰে বাধা দিয়ে যদিও তেওঁলোকে আৰক্ষীৰ কথাৰ প্ৰতি কোনো ভ্রুক্ষেপেই নকৰিলে। কেৱল তেল সংগ্ৰহ কৰি ঘৰলৈ লৰ মাৰিলে লোকসকলে। স্থানীয় লোকৰ এনে লোভ দেখি সদাব্যস্ত ধোদৰ আলিয়েদি পাৰ হৈ যোৱা মানুহে ৰ লাগি চাই ৰয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...