পিতৃ এজন বিধায়ক পুত্ৰই কাম কৰে তেল ডিপোত

বিধায়ক ফণীভূষণ চৌধুৰীৰ একমাত্ৰ পুত্ৰ শান্তনুভূষণ চৌধুৰী। পিতৃৰ দৰেই সাধাৰণ জীৱন–যাপন কৰিবলৈ যেন ভাল পায় শান্তনুৱেও। সেয়েহে পৰীক্ষাৰ পিছত পেট্ৰ’ল পাম্পত কৰ্মচাৰী হিচাপে নিয়োজিত হয় শান্তনু। পিতৃ ৮ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। বৰ্তমানো এজন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী। কিন্তু পুত্ৰই কাম কৰে তেল ডিপোত। নিজেই পেট্ৰ’ল পাম্পত কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বিধায়ক পুত্ৰই। বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ পুত্ৰৰ কথা ক’ব বিচাৰিছো। ফণীভূষণ চৌধুৰীৰ পুত্ৰ শান্তনুভূষণ চৌধুৰীয়ে এতিয়া কাম কৰিছে এটা পেট্ৰ’ল পাম্পত। কিন্তু পিতৃ বিধায়ক হোৱাৰ পিছতো কিয় পেট্ৰ’ল পাম্পত কাম কৰিবলগীয়া হৈছে পুত্ৰই?

আচলতে নিজৰ খৰচ নিজেই উলিয়াবলৈ ফণীভূষণ চৌধুৰীৰ পুত্ৰ শান্তনুভূষণ চৌধুৰীয়ে নিজকে নিয়োজিত কৰিছে পেট্ৰ’ল পাম্পৰ কৰ্মচাৰী হিচাপে। শান্তনুৱে স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। পৰীক্ষা শেষ হোৱাৰ পিছত ঘৰত বহি নাথাকি এইদৰেই লাগিল কামত। ভৱিষ্যতৰ পঢ়াৰ খৰচ উলিয়াবলৈ পেট্ৰ’ল পাম্পত কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে শান্তনুৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...