প্ৰথমে শ্বৰ্টছৰ প্ৰচলন ক’ত আৰু কেতিয়া হৈছিল জানেনে?

শ্বৰ্টছৰ সৃষ্টি হৈছিল পশ্চিমীয়া দেশত। ১৮শ শতিকাৰ পৰাই ইউৰোপ আৰু আমেৰিকাত শ্বৰ্টছ ব্যৱহাৰ কৰা দেখা যায়। ঘাইকৈ ব্ৰিটিছ, আমেৰিকান আৰু অন্যান্য দেশৰ সামৰিক জোৱান আৰু বিষয়াই প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গ্ৰীষ্মপ্রধান অঞ্চলত যুদ্ধৰত অৱস্থাত বেছিকৈ শ্বৰ্টছ পৰিধান কৰিছিল।

তাৰ পাছৰ পৰাই লাহে লাহে শ্বৰ্টছ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিয়পি পৰে। ইউৰোপ আৰু আমেৰিকাত স্কুলীয়া ছাত্ৰক শিশু অৱস্থাত শ্বৰ্টছ পৰিধান কৰিবলৈ দিয়া হৈছিল। শৈশৱৰ পৰা কৈশোৰত প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকক লংপেণ্ট পৰিধান কৰিবলৈ দিয়া হৈছিল। সেই পৰম্পৰা আমাৰ দেশতো অটুট আছে। পশ্চিমীয়া দেশত পৰৱৰ্তী সময়ত বিভিন্ন ক্ষেত্ৰলৈ আৰু বিভিন্ন পৰিৱেশলৈ শ্বৰ্টছৰ আগমন ঘটিল। লগে লগে সলনি হ’ল শ্বৰ্টছৰ ৰেহৰূপ। ৪০ৰ দশকৰ পৰাহে ইউৰোপ আৰু আমেৰিকাত মহিলাই শ্বৰ্টছ পৰিধান কৰিবলৈ ধৰিলে। সেই সময়ত হলীউডৰ নায়িকাই প্রথমে শ্বৰ্টছ পৰিধান কৰা দেখা গৈছিল আৰু তাৰ পৰাই সমাজৰ বিভিন্ন স্তৰলৈ শ্বৰ্টছৰ আগমন ঘটিল। পশ্চিমীয়া দেশত এতিয়া শ্বৰ্টছ বহুলভাৱে ব্যৱহাৰ হয়। স্কুল-কলেজ, আনকি কোনো ঠাইত বিজনেছ কেজুৱেল হিচাপে কার্যালয়লৈও অনেকে শ্বৰ্টছ পৰিধান কৰি যায়। তথাপি পশ্চিমীয়া ড্ৰেছ ক’ড অক্ষুন্ন ৰাখিয়েই পাশ্চাত্যৰ দেশত শ্বৰ্টছ পৰিধান কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...