গঁড়ৰ খৰ্গৰ ঔষধি গুণৰ ভ্ৰান্ত ধাৰণা নির্মূল কৰিব লাগিব : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীৰ উপস্থিতিত বোকাখাতত বিনষ্ট কৰা হ’ল ২,৪৭৯টা গঁড়ৰ খৰ্গ

ৰাজ্যৰ গৌৰৱ এশিঙীয়া গঁড় সংৰক্ষণৰ দিশত অসম চৰকাৰৰ এক শক্তিশালী পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বোকাখাতত গঁড়ৰ খৰ্গৰ বিনষ্টকৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু ২,৪৭৯টা খৰ্গ দাহন কাৰ্যৰ আনুষ্ঠানিকভাৱে তদাৰক কৰে।

উল্লেখযোগ্য যে গঁড়ৰ খৰ্গ সম্পৰ্কীয় ভ্রান্ত ধাৰণা নিৰ্মূলকৰণৰ লগতে ইয়াৰ ঔষধি মূল্য সম্পৰ্কীয় অন্ধবিশ্বাস দূৰ কৰিবলৈ আৰু গঁড়ৰ চোৰাং চিকাৰ তথা ইয়াৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে এক শক্তিশালী বার্তা প্ৰেৰণ কৰাৰ বাবে ৰাজ্যখনৰ সাতটা কোষাগাৰত জমা ৰখা গঁড়ৰ খৰ্গসমূহ আনুষ্ঠানিকভাৱে বিনষ্ট কৰাৰ বাবে যোৱা ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্ত অনুসৰি আজি বিশ্ব গঁড় দিৱসৰ দিনা বোকাখাতত ৰাজহুৱাভাৱে গঁড়ৰ খৰ্গ দাহনৰ কাৰ্যসূচী ৰূপায়িত কৰা হয়। আজিৰ কাৰ্যসূচীত প্রাকৃতিকভাৱে বা দুর্ঘটনাক্রমে মৃত্যুৰ মুখত পৰা গঁড়ৰ পৰা আহৰণ কৰা বা চোৰাং চিকাৰীৰ পৰা জব্দ কৰা মুঠ ২৬২৩ টা খৰ্গৰ ভিতৰত ২৪৭৯ টা খৰ্গ দাহন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্থাপন কৰিবলগীয়া এক সংগ্ৰহালয়ত খৰ্গৰ আকাৰ আৰু অৱয়বৰ ওপৰত ভিত্তি কৰি ৯৪ টা গঁড়ৰ খৰ্গ প্ৰদৰ্শনৰ বাবে সংৰক্ষণ কৰা হ’ব আৰু আদালতত বিচাৰাধীন গোচৰৰ বাবে ২৯ টা খৰ্গ সুকীয়াকৈ ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰে বন্যপ্ৰাণীৰ চোৰাং চিকাৰৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত অসমত এশিঙীয়া গঁড়ৰ সংখ্যা ১৯৯৯ চনত ১৬৭২ টাৰ পৰা ২০১৮ চনৰ পিয়ল অনুসৰি ২৬৫২ টা লৈ বৃদ্ধি পাইছে। ইমান বৃহৎ পৰিমাণে গঁড়ৰ খৰ্গ আনুষ্ঠানিকভাৱে ধ্বংস কৰাৰ এই ঘটনা দেশ তথা বিশ্বৰ ভিতৰতে প্ৰথম বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে বন্যপ্রাণী সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ লগতে গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধেও এক শক্তিশালী বার্তা প্ৰেৰণ কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...