কাইলৈ দাহন হ’ব ২,৪৭৯টা গঁড়ৰ খড়্গ

বোকাখাতত গঁড়ৰ খৰ্গ দাহৰ প্ৰস্তুতি সম্পূৰ্ণ। অসমৰ ৭টা স্থানৰ কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ ২৬২৩টা গঁড়ৰ খৰ্গৰ ভিতৰৰ ২৪৭৯টা খৰ্গ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে আনি বোকাখাত মহকুমা কোষাগাৰত মজুত কৰে। নগাওঁ, মৰিগাওঁ, গোলাঘাট, বোকাখাত, কাজিৰঙা, বিশ্বনাথ,আদিৰ পৰা গঁড়ৰ খৰ্গ সমূহ আনি মজুত ৰাখিছে বোকাখাতত। ২২ চেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৪৭৯টা খৰ্গ দহন কৰিব। ইয়াৰে বিভিন্ন আকাৰৰ ৯৪টা খৰ্গ পুনৰ সংৰক্ষণ কৰি ৰখাৰ লগতে ৫০টা খৰ্গ আদালতৰ বিচাৰধীন হৈ থকাৰ বাবে মজুত ৰাখিছে বন বিভাগে। ইয়াৰে ২৪৭৯টা খৰ্গ দাহনৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত যুদ্ধকালীন তৎপৰতাৰে কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে বিশাল আয়োজন চলাইছে। কোষাগাৰত সংৰক্ষিত খৰ্গ ইতিমধ্যে ৩১ টা বাকচত ভৰাই বোকাখাতৰ কোষাগাৰলৈ স্থানান্তৰিত কৰিছে। খৰ্গ দাহনৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬টা চৌকা স্থাপন কৰি বিশেষ পদ্ধতি অৱলম্বন কৰা হৈছে। একেদৰে আইনাত সূৰ্যৰ ৰশ্মি প্ৰতিফলন ঘটাই গঁড়ৰ খৰ্গ দাহনৰ ব্যবস্থা কৰিছে বন বিভাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ বৰষুণ-ধুমুহাৰ আগজাননী

ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ বৰষুণ-ধুমুহাৰ আগজাননী। ঠায়ে ঠায়ে পাতলীয়াৰ...

অস্কাৰলৈ মনোনীত কিৰণ ৰাওৰ লাপাতা লেডীজ

অস্কাৰলৈ মনোনীত কিৰণ ৰাওৰ লাপাতা লেডীজ। ২০২৫ত ভাৰতক প্ৰতিনিধিত্ব...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...