দালালৰাজ বন্ধ হ’ব লাগিব; দুদিন দেৰি হ’লেও দালালক টকা নিদিব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত পাইকাৰী হাৰত দালাল গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীৰ হাতত মুঠ ৭০০ দালালৰ দীঘলীয়া তালিকা থকা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। সোমবাৰে নিশাৰ পৰা চলা অভিযানত ৪৫০টা মাটিৰ দালালক আটক কৰাৰ পিছত আজি নিশাৰ ভিতৰত আৰু ২৫০টা দালালক আটক কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ। সমান্তৰালকৈ চৰকাৰী বিষয়াকো সকীয়নি মুখ্যমন্ত্ৰীৰ। টকা-পইচা নোলোৱাকৈ আপোনালোকে কাম কৰক। ৰাইজলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ, দেৰি হ’লেও কামত টকা নিদিব। মুখ্যমন্ত্ৰীৰ ঘোষণা ৰাজ্যৰ কোনো অফিচতে দালাল থাকিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে প্ৰশ্ন উঠিছে নতুনকৈ জালত পৰিব লগা দালালৰ তালিকাত আৰু কাৰ কাৰ নাম?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...

বানপীড়িত অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ পেকেজ, ৩.৮ লাখ নতুন PMAY ঘৰ অনুমোদন

অসমৰ বানপীড়িত লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫,০০০ কোটি...

আমেৰিকাৰ ইতিহাসৰ সৰ্ববৃহৎ ভিছা বাতিলৰ প্ৰস্তুতি, লক্ষ্য ২ লাখ বিদেশী নাগৰিক

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ ইতিহাসত সৰ্ববৃহৎ গণ-ভিছা বাতিলৰ প্ৰস্তুতি...