নিশাৰ ভিতৰতে আটক ৪৫৩জন মাটিৰ দালাল

0 2

ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। নিশাৰ ভিতৰতে আটক ৪৫৩জন দালালক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ আৰক্ষী। নলবাৰীত সাংবাদিকসহ ১০ দালালক আটক। ধুবুৰীত আটক ১৬জনকৈ দালালক। ডিব্ৰুগড়ত ১৮জন, লখিমপুৰত ১৩জন দালালক আটক। কোকৰাঝাৰত ২২জন, বৰপেটাত ৪২জন দালালক আটক। নগাঁৱত ১৬জন, হাইলাকান্দিত ১২জনক আটক। বিশ্বনাথত ১৪জন, মৰিগাঁৱত ২৭জন মাটিৰ দালালক আটক। গুৱাহাটী, কামৰূপ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান। নিশাটোৰ ভিতৰতে আটক ৫০ৰো অধিক দালালক। কেৱল গুৱাহাটীতে আটক ২২ দালালক। গুৱাহাটীৰ বৃন্দাবন ছুপাৰ মাৰ্কেটৰ অন্যতম স্বত্বাধিকাৰী তথা প্ৰতিপত্তিশীল ব্যৱসায়ী ৰামেশ্বৰ তালুকদাৰ তথা শ্ৰীমন্ত চৌধুৰী, আলতাফ আদি বহুকেইজন নামী-দামী লোককো মাটিৰ দালালিৰ অভিযোগত আটক কৰিছে আৰক্ষীয়ে। দিছপুৰ থানাত তিনি দালাল আতিকুৰ, চাজন সিং, উদ্দীপ সিং। ইয়াৰ উপৰি মানকাচৰত আটক ৫জন মাটিৰ দালাল। কৰিমগঞ্জত ১২জন দালাল আটক। নলবাৰীৰ পৰা আটক সঞ্জয় জৈন, অজয় জৈন, মুকেশ আগৰৱাল। যোৰহাটত মনজিৎ, পংকজ, ধৰণী, বাবুক আটক। নগাঁৱত ৰাজহ চক্ৰৰ কৰ্মাচাৰী ৰাণা বৰাক আটক। লগতে আৰক্ষীৰ জালত ৰমজান, নজৰুল, অজয়। গোলাঘাটত আটক শম্ভু, বিজিত, অজিত, হীৰালাল। মুঠ ৭০০জনীয়া দালালৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.