শান্তি আলোচনাৰ নামত চৰকাৰে দেখুওৱা ‘সন্দেহজনক তৎপৰতা’ৰ অন্তৰ্নিহিত অভিপ্ৰায় ৰাজহুৱা কৰক : প্ৰদেশ কংগ্ৰেছ

NSCN (IM)ৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া:

২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ভাৰত চৰকাৰ আৰু NSCN (I-M)ৰ মাজত “নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট” কৰি গৌৰৱেৰে ঘোষণা কৰিছিল যে “আজি আমি কেৱল এটা সমস্যা শেষেই কেৱল কৰা নাই , বৰং এক নতুন ভৱিষ্যতৰ আৰম্ভনিহে কৰিছো।” আশ্বৰ্য্যজনক ভাৱে এই “নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট” ৰাজহুৱা কৰা নহ’ল। “নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট”ত কি বিষয় সন্নিবিষ্ট আছিল তাক ৰাজহুৱা কৰিবলৈ সেই সময়ত আমি কংগ্রেছ দলে দাবী জনাইছিলোঁ, কিন্তু আজিলৈকে কোনেও নাজানে এই ফ্ৰেমৱৰ্কত কি লিখা আছে। বছৰ বাগৰিল, কিন্তু গৌৰৱেৰে কৰা এই ঘোষণা আজিও ঘোষণা হৈয়েই থাকিল। বাস্তৱত একোৱেই হৈ উঠা কোনেও দেখা নাপালে। পৰৱৰ্তী সময়ত ২০১৯ত নগা শান্তি আলোচনাৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে তেখেতৰ একেবাৰে বিশ্বস্ত ব্যক্তি শ্ৰী আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। কিন্তু বিষয়টো আগ নাবাঢ়িল আৰু NSCN(I-M) আৰু ৰাজ্যপালৰ মাজৰ বিতৰ্কই দখল কৰা বাতৰিৰ শিৰোনাম অনুসৰি এই “এগ্ৰিমেণ্ট” গৈ মতবিৰোধ এগ্ৰিমেণ্টহে হ’ল। এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে নাগালেণ্ডৰ এই সমস্যা সমাধান নকৰাকৈয়ে ৰাজ্যপাল শ্ৰী ৰবিক আঁতৰাই দিছে। একে সময়তে আমি জানিব পৰা মতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক NSCN(I-M) ৰ লগত আলোচনাত বহিবলৈ প্ৰতিনিধি হিচাপে নিযুক্ত কৰিছে। এতিয়া প্ৰশ্ন উঠিছে কি ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীয়ে NSCN(I-M) ৰ লগত আলোচনাত বহিব? এগৰাকী মুখ্যমন্ত্ৰী হিচাপে বিধানসভা আৰু কেবিনেটক বিশ্বাসত নলোৱাকৈ তেখেতে যাব আৰু আলোচনাত বহিব পাৰিব নে? NSCN(I-M) বৃহত্তৰ নাগালিমৰ সমৰ্থক হিচাপে জনা যায় আৰু আমি সকলোৱে জানো তেওঁলোকে অসমৰ কিছু কিছু এলেকা তাত অন্তৰ্ভুক্ত কৰিব বিচাৰে। অসমৰ প্ৰতি ইঞ্চি ভূমি ৰক্ষা কৰিবৰ বাবে আমি কংগ্রেছ দল দৃঢ় প্ৰতিজ্ঞ আৰু কোনো পৰিস্থিতিতে অসমৰ ভূখণ্ড বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হ’বলৈ নিদিওঁ ।অসম-মিজোৰাম সীমা সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক সুৰক্ষা কৰিব বুলি মানুহে বিশ্বাস কৰিব পাৰিব নে? তেখেতে ৰাজহুৱা ভাৱে ঘোষণা কৰিছিল যে সমগ্ৰ বৰাক উপত্যকা আৰু গুৱাহাটীও মিজোৰামৰ হাতত গতাই দিয়াৰ বাবে তেখেত সাজু। বিজেপিৰ কেন্দ্ৰীয় নেতাৰ শ্ৰুতলিপিত চকু মুদি উঠা-বহা কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই NSCN(I-N)ৰ সৈতে আলোচনাৰ সময়ত অসমৰ স্বাৰ্থক সুৰক্ষা দিব পাৰিব বুলি অসমৰ মানুহে বিশ্বাসত ল’ব নে?

তথ্য অনুসৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীকো এই আলোচনাৰ অংশীদাৰ হোৱাৰ বাবে আহ্বান জনোৱা হৈছিল। কিন্তু বৃহত্তৰ নাগালিম বিষয়টোত মতানক্য থকা বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে এই আলোচনাত ভাগ নোলোৱাৰ সিদ্ধান্ত লৈছে।

অসম প্ৰদেশ কংগ্রেছৰ মতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই আলোচনাত অংশগ্ৰহণ সম্পূৰ্ণ সন্দেহ আৰু সংশয়ৰ আৱৰ্তত। লগতে এয়াও ধৰি ল’ব পাৰি ইয়াৰ পৰা অদূৰ ভৱিষ্যতত অসমৰ স্বাৰ্থ বিঘ্নিত হ’ব। আমি অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দাবী জনাইছো যাতে কেন্দ্ৰীয় চৰকাৰে “নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট, ২০১৫”ত সন্নিবিষ্ট বিষয় সমূহ অতি শীঘ্ৰেই ৰাইজৰ আগত দাঙি ধৰিব লাগে। শান্তি আলোচনাৰ নামত সন্দেহজনক তৎপৰতাৰ উদ্যোগ লোৱাৰ আগতে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই তেখেত সকলৰ অন্তৰ্নিহিত অভিপ্ৰায় ৰাজহুৱা কৰিবলৈ অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে দাবী জনাইছো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...