PhD কৰা সকলতকৈ মোল্লা সকল শ্ৰেষ্ঠ : তালিবানী শিক্ষামন্ত্ৰী

পি এইচ ডি বা মাষ্টাৰ ডিগ্ৰীৰ কোনো মূল্য নাই। আফগানিস্তানত এতিয়া কেৱল মোল্লাই সবাতোকৈ শ্ৰেষ্ঠ। এই দাবী কৰিছে তালিবান চৰকাৰৰ নৱনিযুক্ত শিক্ষামন্ত্ৰী শ্বেখ মৌলবী নুৰুল্লা মুনিৰে। আফগানিস্তানত মোল্লা মহম্মদ হাছান আখুন্দৰ নেতৃত্বত তালিবান বাহিনীয়ে চৰকাৰ গঠন কৰাৰ পিছতে বিভিন্ন বিভাগত মন্ত্ৰীও নিযুক্তি দিছে। দেশখনৰ শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰা মৌলবী নুৰুল্লা মুনিৰে কয় যে, আফগানিস্তানত উচ্চ শিক্ষাৰ কোনো প্ৰয়োজন নাই। কাৰণ দেশখনৰ ক্ষমতা দখল কৰা শীৰ্ষ মোল্লা আৰু তালিবানী নেতাসকলৰ কাৰো পি এইচ ডি বা মাষ্টাৰ ডিগ্ৰী নাই। আনকি তেওঁলোকৰ স্কুলীয়া শিক্ষাও নাই। কিন্তু এই মোল্লাসকলে এতিয়া সবাতোকৈ শ্ৰেষ্ঠ। নতুন শিক্ষামন্ত্ৰীৰ এনে ঘোষণাক লৈ সাধাৰণ আফগান নাগৰিকৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে।

যোৱা ২০ বছৰে দেশখনত গঢ়ি উঠা শিক্ষা ব্যৱস্থা তালিবানৰ শাসনত ভাঙি পৰাৰ আশংকা প্ৰকট হৈ পৰিছে। তালিবানী নেতাসকলে মহিলাৰ শিক্ষাৰ ক্ষেত্ৰতো কেইবাটাও নীতি–নিৰ্দেশনা জাৰি কৰিছে। ছাত্ৰীসকলে শ্ৰেণী কোঠালৈ হিজাব আৰু নিকাব পৰিধান কৰি আহিব লাগিব আৰু তেওঁলোকে ছাত্ৰসকলৰ পৰা পৃথকে বহিব লাগিব। শিক্ষামন্ত্ৰীৰ এনে ঘোষণাক লৈ দেশজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...