শিক্ষা বিভাগত ওলাইছে চাকৰি: ২,২৭২ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ

স্নাতকোত্তৰ শিক্ষকৰ পদত নিযুক্তিৰ বাবে আজি হিমন্ত বিশ্ব চৰকাৰে প্ৰকাশ কৰিলে শিক্ষা বিভাগৰ প্ৰথমটো বিজ্ঞাপন। ২,২৭২টা পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন।

  • OBC,MOBCৰ বাবে ৫১০টা
  • SC ১৮৭, ST(P) ৩৩৮, ST(H) ১৯৭টা পদ
  • অসংৰক্ষিত আসন আছে ৬২০
  • EWSৰ আছে ৩০১টা পদ
  • স্নাতকোত্তৰ শিক্ষকৰ পদৰ বাবে আজি প্ৰকাশ পাইছে বিজ্ঞাপন
  • প্ৰাৰ্থীৰ বয়স ২১বছৰৰ পৰা ৩৮বছৰ হ’ব লাগিব
  • চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাইৰ ব্যৱস্থা আছে
  • দৰমহা ২২,০০০ৰ পৰা ৯৭,০০০ হাজাৰ টকা
  • লগতে গ্ৰেড পে’ ১১,৮০০ টকা
  • প্ৰাৰ্থী কমেও ৫০ শতাংশ নম্বৰেৰে স্নাতকোত্তৰ হ’ব লাগিব
  • টেট উত্তীৰ্ণ প্ৰমাণ পত্ৰ থাকিব লাগে
  • স্বীকৃতি প্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা BEd ডিগ্ৰী ধাৰক হ’ব লাগিব
  • অনলাইনৰ জৰিয়তে আৱেদন কৰিব লাগিব
  • www.madhyamikassam.gov.inত সবিশেষ তথ্য লাভ কৰিব
  • ২০ অক্টোবৰ আৱেদনৰ অন্তিম তাৰিখ

উল্লেখ্য যে, শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ডাঃ ৰনোজ পেগুৱে অচিৰেই প্রায় ২৩ হাজাৰ শিক্ষক পদৰ বাবে নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। শিক্ষক নিযুক্তিৰ প্রক্রিয়া অতি স্বচ্ছ কৰাৰ কাৰণে, কোনোধৰণৰ স্বজন–তোষণ বা অন্য ধৰণৰ হস্তক্ষেপৰ যাতে কোনোধৰণৰ অৱকাশ নাথাকে আৰু মেধা, যোগ্যতাৰ ভিত্তিত শিক্ষক নিযুক্তি হয়, সেইটো বিভাগে নিশ্চিত কৰিব বিচাৰিছে। পূর্বৰ শিক্ষামন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ শর্মাই এইক্ষেত্রত সফলতাৰে কৰি যোৱা পদক্ষেপৰ আধাৰতে বর্তমানৰ চৰকাৰে নিযুক্তি প্রক্রিয়া চলাব। এইবাৰৰ নিযুক্তি প্রক্রিয়া স্বচ্ছ হোৱাৰ লগতে খৰতকীয়া হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জনাইছে। সেইদৰে ৰাজ্যখনৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকত বহু শিক্ষক পদ খালী হৈ থকাৰ বিষয়ে উল্লেখ কৰি কয় যে, বিভিন্ন কাৰণ আৰু প্রতিবন্ধকতাৰ বাবে সেই পদসমূহ খালী হৈ আছে। এটা এটাকৈ সেই কাৰণ আৰু প্রতিবন্ধকতাসমূহ নাইকিয়া কৰাৰ বাবে বিভাগে ব্যৱস্থা হাতত লৈছে।

NKTV Digital
Author: NKTV Digital

276 COMMENTS

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...