চাহ খাবলৈ গৈ প্ৰহৃত আৰক্ষী কনিষ্টবল!

সামান্য কথাতে মাৰপিট। ৬ জনীয়া এটা দলে পথৰ কাষত থকা এখন দোকানৰ সন্মুখত প্ৰহাৰ কৰিছে লোকজনক। চাহ খাবলৈ দোকানত সোমাইছিল লোকজন। সেয়াই ভুল আছিল তেওঁৰ।

গুৱাহাটী, ১৩ জুলাই, NKTV: ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’। এই ভিডিঅ’টো প্ৰচাৰ হোৱাৰ পিচতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ভিডিঅ’টোত দেখা গৈছে ৰাস্তাৰ কাষত থকা এখন দোকানৰ সন্মুখত এজন আৰক্ষী কনিষ্টবলক প্ৰহাৰ কৰিছে কেইজনমান যুৱকে।

যুৱককেইজনে আৰক্ষী কনিষ্টবলজনক বাৰে বাৰে প্ৰহাৰ কৰিছে। এই ঘটনা তিনিচুকীয়াৰ দিহিংগীয়া বাইপাছ চাৰিআলিৰ। ডিব্ৰুগড় দিশৰ পৰা মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বাহিনীলৈ আহি থকা,ময়ূৰ ৰঞ্জন দাস নামৰ আৰক্ষী কনিষ্টবলজন চাহ খাবলৈ সোমাইছিল দোকানখনত। তাতেই মাস্কক লৈ তৰ্ক বিতৰ্ক কৰে এই যুৱককেইজনে। পিচত সুৰামত্ত হৈ থকা আটাইকেইটা বেয়াকৈ প্ৰহাৰ কৰে কনিষ্টবলজনক।

এজন লোকে গোপনে মবাইলত বন্দী কৰিছিল সমগ্ৰ দৃশ্য। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতে পানীতোলা আৰক্ষীয়ে আটক কৰিছে ভাষ্কৰ গোহাঁই,কিৰণ গোঁহাই আৰু কৌশিক গোঁহাই নামৰ তিনিটা পাষণ্ডক।

সামান্য কথাতে আৰক্ষীক প্ৰহাৰ কৰা তিনিটাক ধৰিছে যদিও আৰু আৰু তিনিটাই আত্মগোপন কৰিছে আৰক্ষীৰ ভয়ত। শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব আন তিনিটাকো। আৰক্ষীৰ অভিযান অব্যাহত।

মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ, তিনিচুকীয়াৰ পৰা অমিক গগৈৰ সহযোগত চাবুৱাৰ পৰা ৰক্তিম দাসৰ ৰিপৰ্ট। NKTV

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...