অসমলৈ ভেকচিনৰ আৱণ্টন বৃদ্ধি কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৩ জুলাই, NKTV: উত্তৰ-পূর্বাঞ্চলৰ শেহতীয়া ক’ভিড-১৯ পৰিস্থিতিৰ পর্যালােচনাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আজি অঞ্চলটোৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আয়ােজন কৰা ভিডিঅ’ কনফাৰেন্সত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। ভিডিঅ’ কনফাৰেন্সৰ সময়ত মুখ্যমন্ত্ৰীয়ে ক’ভিড অতিমাৰীৰ দুয়ােটা ঢৌৰ সময়ত উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্রতি আগবঢ়োৱা সহযােগিতাৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে। ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অসমে ভাল প্রদর্শন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলত এই ৰােগ নিয়ন্ত্ৰণৰ প্ৰয়ােজনীয়তাৰ ওপৰত আলােকপাত কৰে। চাহ বাগিচা এলেকাসমূহত এই ৰােগ নিয়ন্ত্ৰণৰ বাবে লােৱা পদক্ষেপৰ লগতে বাগিচাৰ ৰাইজক টিকাকৰণৰ বাবে লােৱা প্ৰচেষ্টাৰ বিষয়েও তেওঁ অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ক’ভিড-১৯ চিকিৎসা আন্তঃগাঁথনিৰ অংশ হিচাপে মেডিকেল অক্সিজেনৰ উৎপাদন, আইচিইউ বিচনা, অক্সিজেনৰ সুবিধাযুক্ত বিচনা, আইচ’লেশ্যন ৱার্ড আদিৰ স্থিতিৰ বিষয়ে প্রধানমন্ত্রীক অৱগত কৰে। ৰাজ্যখনৰ সকলাে লােককে অতি সােনকালে টিকাকৰণৰ অধীনত সামৰি ল’ব পৰাকৈ অসমলৈ ভেকচিনৰ আৱণ্টন বৃদ্ধি কৰিব বাবেও তেওঁ প্রধানমন্ত্রীক অনুৰােধ জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে প্রধানমন্ত্রী টেষ্টিং-ট্রেকিং-ট্রিটমেন্ট নীতি অনুসৰণ কৰিছে আৰু সম্পূর্ণ লকডাউন ঘােষণাৰ পর্যায়লৈ নােযােৱাকৈ ৬ হাজাৰতকৈও অধিক মাইক্র’কন্টেইনমেন্ট জন ঘােষণা কৰিমহামাৰী নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে । অর্থনীতি আৰু ক’ভিডৰ বিৰুদ্ধে যুঁজ একেলগে চলাই থকা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অসমৰ ক’ভিড পজিটিভিটিৰ হাৰ অতি সােনকালে ১ শতাংশৰ তললৈ নমাই আনিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...