দেশবাসীলৈ সুখবৰ! পেট্ৰ’ল-ডিজেলতকৈ কম মূল্যত উপলব্ধ হ’ব বিকল্প ইন্ধন

পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্যই সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ তাৎপর্যপূর্ণ ঘোষণা। পেট্ৰ’ল-ডিজেলতকৈ কম মূল্যত উপলব্ধ হ’ব বিকল্প ইন্ধন। শীঘ্ৰেই দেশৰ পেট্ৰ’ল পাম্প সমূহত উপলব্ধ হ’ব ইথানল।

গুৱাহাটী, ১২ জুলাই, NKTV: কৰ’না কালত পেট্ৰ’ল আৰু ডিজেলৰ বৰ্ধিত মূল্যই সাধাৰণ ৰাইজৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। দেশৰ বহু কেইখন চহৰত পেট্ৰ’লৰ মূল্যই ১০০ৰ ঘৰো অতিক্ৰম কৰিছে। পুনৰ আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য ২৮ পইচা বৃদ্ধি পাইছে। আনহাতে, দীৰ্ঘদিনৰ পিছত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১৬ পইচা হ্ৰাস পাইছে। সোমবাৰে ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০১.১৯ টকা স্পৰ্শ কৰিছে। ডিজেল প্ৰতি লিটাৰত ৮৯.৭২ টকাত বিক্ৰী হৈছে।

প্ৰতি লিটাৰত কমেও ২০ টকা ৰাহি

ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এক বিবৃতিয়ে দেশবাসীৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে। তেওঁ কয় যে, শীঘ্ৰেই কেন্দ্ৰই পেট্ৰ’ল পাম্পত ইথানলৰ সুবিধা প্ৰদান কৰিব, যিটো পেট্ৰ’ল আৰু ডিজেলতকৈ কম মূল্যত উপলব্ধ হ’ব। ইথানল ব্যৱহাৰ কৰিলে প্ৰতি লিটাৰত কমেও ২০ টকা ৰাহি হ’ব।

৬০ৰ পৰা ৬৫টকা খৰছ কৰিলেই এক লিটাৰ ইথানল

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা পেট্ৰ’লৰ মূল্যৰ বাবে ঠাই-ঠাইয়ে আন্দোলন হৈছে আৰু সাধাৰণ মানুহেও যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। তেনে ক্ষেত্ৰত, অনাগত দিনত পেট্ৰ’ল পাম্পত ইথানলৰ সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। বৰ্তমান, দেশৰ বহু চহৰত পেট্ৰ’লে ১০০ৰ ঘৰ অতিক্ৰম কৰিছে। আনহাতে, গ্ৰাহকসকলে প্ৰায় ৬০ৰ পৰা ৬৫টকা খৰছ কৰিলেই এক লিটাৰ ইথানল লাভ কৰিব। একে সময়তে, ইয়াৰ ব্যৱহাৰে প্ৰদূষণো হ্ৰাস কৰিব বুলি মত প্ৰকাশ কৰে গাডকাৰীয়ে।

আমদানিৰ বাবে ৮ লাখ কোটি টকা ব্যয়

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘আমি আমাৰ অৰ্থনীতিত পেট্ৰ’ল-ডিজেল আৰু পেট্ৰ’লিয়াম সামগ্ৰীৰ আমদানিৰ বাবে ৮ লাখ কোটি টকা ব্যয় কৰি আছো, যিটো এক ডাঙৰ প্ৰত্যাহ্বান। আমি এক নীতি প্ৰস্তুত কৰিছো যি আমদানিৰ বিকল্পক ব্যয় সাপেক্ষ প্ৰদূষণমুক্ত আৰু থলুৱা ইথানল, জৈৱ-চিএনজি, এলএনজি আৰু হাইড্ৰজেন ইন্ধন বিকাশত উদগনি দিব’।

কি এই বায়’ ইথানল?

ইথানল হৈছে এক প্ৰকাৰৰ সুৰা। যিটো পেট্ৰ’লৰ সৈতে মিহলি কৰিলে ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। ইথানল মুখ্যতঃ কুঁহিয়াৰৰ পৰা উৎপাদিত হয়। ই কৃষি আৰু পৰিৱেশ দুয়োৰে বাবে লাভজনক। ইথানল হৈছে এক শক্তি যি নৱীকৰণযোগ্য। কাৰণ দেশত কেতিয়াও কুঁহিয়াৰৰ অভাৱ হ’ব নোৱাৰে।

NATIONAL DESK, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...