টুইটাৰৰ Resident Grievance Officerৰ নিযুক্তি প্ৰদান

গুৱাহাটী, ১২ জুলাই, NKTV: বিনয় প্ৰকাশক ভাৰতীয় টুইটাৰৰ Resident Grievance Officerৰ পদ প্ৰদান কৰা হৈছে। টুইটাৰৰ ৱেব চাইটৰ পৰা এই কথা জানিব পৰা গৈছে। মাইক্ৰো-ব্লগিং ছাইটোৱে ভাৰতীয় তথ্যপ্ৰযুক্তি আইনৰ বাধ্যতামূক নীতি পালন কৰি প্ৰথমটো তথ্য দাখিল কৰে। কোম্পানীটোৱে কয় যে,“In compliance with Rule 4(1)(d) of the information Technology (Intermediary Guidelines and Digital Media Ethics Code) Rulesৰ আধাৰত আমি জুলাইৰ ১১ তাৰিখে চলিত বৰ্ষৰ ২৬মেৰ পৰা ২৫ জুনলৈ তথ্য দাখিল কৰিলো । ভাৰতীয় ITৰ নতুন নীতি অনুসৰি যিবোৰ চোছিয়েল মিডিয়া প্লেটফৰ্মৰ ৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী আছে সেইসমূহ সামাজিক মাধ্যমে একোজনকৈ grievance Officer, Nodal Officer আৰু Chief compliance Officer নিয়োগ কৰিব লাগিব। উল্লেখযোগ্য যে, এই বিষয়া বোৰ ভাৰতীয় বাসিন্দা হোৱাটো বাধ্যতামূলক। টুইটাৰে ইতিমধ্যে Interim Chief compliance Officer নিয়োগ কৰা বুলি জানিব পৰা গৈছে। অতি সোনকালে মাইক্ৰো-ব্লগিং চাইটোৱে Nodal Officerৰ নিয়োগ কৰিব বুলিও প্ৰকাশ কৰিছে। টুইটাৰে দাখিল কৰা compliance Reportত টুইটাৰে বিভিন্ন ব্যৱহাৰকাৰীয়ে উত্থাপন কৰা অভিযোগ আৰু ইয়াৰ বাবে অভিযোগ কাৰীৰ অসুবিধা সমূহ নাইকিয়া কৰিবলৈ তেওঁ লোকে গ্ৰহণ কৰা পদক্ষেপ সমূহ “India Transparency Report”ত উল্লেখ কৰিছে।

NKTV Digital
Author: NKTV Digital

289 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...