টুইটাৰৰ Resident Grievance Officerৰ নিযুক্তি প্ৰদান

গুৱাহাটী, ১২ জুলাই, NKTV: বিনয় প্ৰকাশক ভাৰতীয় টুইটাৰৰ Resident Grievance Officerৰ পদ প্ৰদান কৰা হৈছে। টুইটাৰৰ ৱেব চাইটৰ পৰা এই কথা জানিব পৰা গৈছে। মাইক্ৰো-ব্লগিং ছাইটোৱে ভাৰতীয় তথ্যপ্ৰযুক্তি আইনৰ বাধ্যতামূক নীতি পালন কৰি প্ৰথমটো তথ্য দাখিল কৰে। কোম্পানীটোৱে কয় যে,“In compliance with Rule 4(1)(d) of the information Technology (Intermediary Guidelines and Digital Media Ethics Code) Rulesৰ আধাৰত আমি জুলাইৰ ১১ তাৰিখে চলিত বৰ্ষৰ ২৬মেৰ পৰা ২৫ জুনলৈ তথ্য দাখিল কৰিলো । ভাৰতীয় ITৰ নতুন নীতি অনুসৰি যিবোৰ চোছিয়েল মিডিয়া প্লেটফৰ্মৰ ৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী আছে সেইসমূহ সামাজিক মাধ্যমে একোজনকৈ grievance Officer, Nodal Officer আৰু Chief compliance Officer নিয়োগ কৰিব লাগিব। উল্লেখযোগ্য যে, এই বিষয়া বোৰ ভাৰতীয় বাসিন্দা হোৱাটো বাধ্যতামূলক। টুইটাৰে ইতিমধ্যে Interim Chief compliance Officer নিয়োগ কৰা বুলি জানিব পৰা গৈছে। অতি সোনকালে মাইক্ৰো-ব্লগিং চাইটোৱে Nodal Officerৰ নিয়োগ কৰিব বুলিও প্ৰকাশ কৰিছে। টুইটাৰে দাখিল কৰা compliance Reportত টুইটাৰে বিভিন্ন ব্যৱহাৰকাৰীয়ে উত্থাপন কৰা অভিযোগ আৰু ইয়াৰ বাবে অভিযোগ কাৰীৰ অসুবিধা সমূহ নাইকিয়া কৰিবলৈ তেওঁ লোকে গ্ৰহণ কৰা পদক্ষেপ সমূহ “India Transparency Report”ত উল্লেখ কৰিছে।

NKTV Digital
Author: NKTV Digital

289 COMMENTS

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...