এক Videoৰ জৰিয়তে ছানী লিয়নীয়ে দিছে CHALLENGE!

গুৱাহাটী, ১১ জুলাই, NKTV: সততে Bold আৰু Attractiveব্যক্তিত্বৰে ছবিজগতত সুকীয়া পৰিচয় লাভ কৰা অভিনেত্ৰী গৰাকীৰ ছ’চিয়েল মিডিয়াতো আছে কোটি-কোটি অনুৰাগী। ছানী লিয়নীয়ে অলপতে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত অনুৰাগীসকলৰ সৈতে এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে, যাৰ দ্বাৰা অনুৰাগীসকলক এক আমোদজনক প্ৰত্যাহ্বান দিছে অভিনেত্ৰী গৰাকীয়ে।

ছানী লিয়নীয়ে ভিডিঅ’টোত এটি গীতত অভিনয় কৰা পৰিলক্ষিত আছে আৰু দৰ্শকসকলক কোনটো গান Guess কৰিবলৈ কোৱা হৈছে।

প্ৰতিবেদনটি যুগুত কৰাৰ সময়লৈকে, ছানী লিয়নীৰ ভিডিঅ’টোৱে ১ মিলিয়নৰো অধিক Views লাভ কৰিছে। উল্লেখ্য যে, ছানী লিয়নীক শীঘ্ৰেই অভিনেতা বিক্ৰম ভট্টৰ ৱেব ছিৰিজ ‘অনামিকা’ত দেখা পোৱা যাব। বিক্ৰম ভট্ট আৰু কৃষ্ণ ভট্টৰ লোনেণ্ডাৰ প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মাণ কৰা হৈছে অনামিকা শীৰ্ষক ৱেব ছিৰিজখন। MX PLAYERযোগে মুক্তি দিয়া হ’ব ৱেব ছিৰিজখন। অভিনেত্ৰী গৰাকীক মনস্তাত্ত্বিক থ্ৰিলাৰ ‘শ্বেৰো’টো দেখা পোৱা যাব। তেওঁক পিৰিয়ড ড্ৰামা চলচ্চিত্ৰ ‘দ্য বেটেল অফ ভীমা কোৰেগাঁও’ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰতো অভিনয় কৰা দেখা পোৱা যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...