ৰিয়েল লাইফৰ ‘বজৰংগী ভাইজান’

পথৰ জীৱ-জন্তুবোৰেও বিচাৰে মানুহৰ অকণমান মৰম, অকণমান সহানুভূতি

এনে মৰম আকলুৱা প্ৰাণীবোৰৰ বাবে পৃথিৱীত আছে স্বপ্নিল চোনিৰ দৰে বহুলোক

ৰিল লাইফ নহয়, আজি ক’ম ৰিয়েল লাইফৰ ‘বজৰংগী ভাইজান’ৰ কথা

বিগত ১৩ বছৰ ধৰি স্বপ্নিল চোনি নাম আহমেদাবাদৰ এই ব্যক্তিজনে পথৰ জীৱ-জন্তু সমূহক বিভিন্ন ধৰণৰ খাদ্য যোগান ধৰি আহিছে। প্ৰতি সপ্তাহে হনুমান ভক্ত স্বপ্নিলে বান্দৰৰ বাবে প্ৰস্তুত কৰে প্ৰায় ১৭শ ৰুটি। কেতিয়াবা কল, কেতিয়াবা বিস্কুট আৰু কেতিয়াবা ৰুটিৰে আপ্যায়ন কৰে বান্দৰবোৰক। MONKEYMAN SWAPNIL SONI FOUNDATION নামেৰে এটা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দি বৰ্তমান বৃহৎ পৰিসৰত কাম কৰিবলৈ আগবাঢ়িছে ব্যক্তি গৰাকী। বান্দৰৰ প্ৰতি দেখুওৱা এনে সহানুভূতিৰ বাবে MONKEY MAN বুলি পৰিচিত আহমেদাবাদৰ এই গৰাকী হনুমান ভক্ত সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।       

        

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...