NDAৰ বাবে প্ৰ-পত্ৰ পূৰণৰ পৰা বঞ্চিত হ’ব নেকি অসমৰ ছাত্র-ছাত্রী?

গুৱাহাটী, ২ জুলাই, NKTV: প্ৰকাশ পালে NDA (National Defence Academy)ৰ লিখিত পৰীক্ষাৰ ফলাফল। জুন মাহৰ ৩০ তাৰিখে প্ৰকাশ পোৱা NDAৰ ফলাফলৰ পিছতেই ঘোষণা কৰা হৈছে প্ৰ-পত্ৰ জমা দিয়া তাৰিখ। দুসপ্তাহৰ ভিতৰত উচ্চতৰ মাধ্যমিক (HS)পৰীক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে জমা দিব লাগিব প্ৰমাণপত্ৰ। কিন্তু পৰিতাপৰ বিষয় যে অসমৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হ’ল তেওঁলোকে কিন্তু জমা দিব নোৱাৰিব নিজৰ প্ৰমাণপত্ৰ। কিয়নো দুসপ্তাহৰ ভিতৰত অসমৰ শিক্ষা বিভাগে প্ৰকাশ কৰিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট। ইয়াৰ ওপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, এইবাৰ উচ্চতৰ মাধ্যমিক (HS)পৰীক্ষাত উৰ্ত্তীণ হোৱা অসমৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰৰে কোনো ধৰণৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...