ৰাহুলৰ ফোন টেপিঙৰ অভিযোগ নস্যাৎ সম পিত্ৰোদাৰ, প্ৰধানমন্ত্ৰী মোদীক লৈ ৰাহুল গান্ধীৰ অভিযোগৰ মাজতে কংগ্ৰেছ নেতা ছেম পিট্ৰোদাৰ মন্তব্যই সৃষ্টি কৰিলে চৰ্চা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলপতি ৰাহুল গান্ধীৰ ফোন টেপিং কৰা বুলি উত্থাপিত অভিযোগৰ মাজতে কংগ্ৰেছ নেতা ছেম পিট্ৰোদাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। পিত্ৰোদাই কয় যে তেওঁ বিশ্বাস নকৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে এনে কাম কৰে।

ছেম পিট্ৰোদাই কয়, “প্ৰধানমন্ত্ৰীয়ে এনে কাম নকৰে। প্ৰধানমন্ত্ৰীয়ে নিজে স্ক্ৰু-ড্ৰাইভাৰ লৈ কম্পিউটাৰত এনে কাম কৰিবলৈ নাযায়।”

অৱশ্যে নিজৰ ফোন, লেপটপ আৰু বেংক একাউণ্টৰ ওপৰত নজৰ ৰখা বুলি দাবী কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁৰ ভাষ্য অনুসৰি, বিশেষজ্ঞসকলে তেওঁৰ ইলেক্ট্ৰনিক সঁজুলিসমূহ পৰীক্ষা কৰাৰ পিছত ফোনত আড়ি পতাৰ আশংকা প্ৰকাশ কৰিছে।

ছেম পিট্ৰোদাই কয়, “মোৰ ফোন টেপিং কৰা হৈছে, মোৰ লেপটপত আক্ৰমণ চলোৱা হৈছে আৰু মোৰ বেংক একাউণ্টসমূহৰ ওপৰতো নজৰ ৰখা হৈছে। বিশেষজ্ঞসকলে মোৰ ডিভাইচসমূহ পৰীক্ষা কৰি মোক এই বিষয়ে সতৰ্ক কৰিছে।”

কোনে এই কাম কৰিছে সেই বিষয়ে অৱশ্যে তেওঁ নিশ্চিত নহয় বুলি উল্লেখ কৰে। তেওঁ কয়, “কোনোবাই এই কাম কৰি আছে। কোনে কৰিছে মই নাজানো আৰু সেই লৈ মোৰ বিশেষ চিন্তাও নাই। মই এই পৰিস্থিতিৰ সৈতে অভ্যস্ত হৈ পৰিছোঁ।”

উল্লেখ্য যে শুকুৰবাৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেওঁৰ ফোন টেপিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। লগতে প্ৰধানমন্ত্ৰীক তেওঁৰ সৈতে মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ পুনৰ আহ্বান জনাইছিল।

কংগ্ৰেছে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটা ভিডিঅ’ত ৰাহুল গান্ধীয়ে অভিযোগ কৰি কয়, “প্ৰধানমন্ত্ৰী এই বিষয়ে অৱগত, কাৰণ তেওঁ মোৰ ফোন টেপিং কৰে। যিদিনা তেওঁ মুখামুখি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ সন্মতি দিব, সেইদিনা সকলোৱে জানিব পাৰিব কোন বিদেশী শক্তিৰ নিয়ন্ত্ৰণত আছে আৰু কোন দেশবিৰোধী কাৰ্যকলাপত জড়িত।”

ৰাহুল গান্ধীয়ে লগতে দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদী বিদেশী শক্তিৰ নিয়ন্ত্ৰণত থকাৰ প্ৰমাণ তেওঁৰ ফোনতে আছে।

আনহাতে, ৰাহুল গান্ধীৰ এই অভিযোগ বিজেপিয়ে সম্পূৰ্ণৰূপে নাকচ কৰিছে। বিজেপিৰ মতে, ৰাজনৈতিকভাৱে প্ৰাসংগিক হৈ থকাৰ উদ্দেশ্যে ৰাহুল গান্ধীয়ে এনে অভিযোগ উত্থাপন কৰিছে।

বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ৰাহুল গান্ধীৰ অভিযোগক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁৰ ফোন টেপং কৰিবলৈ কাৰো আগ্ৰহ নাই। তেওঁ ৰাহুল গান্ধীক মানসিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পৰামৰ্শও দিয়ে।

উল্লেখ্য যে ফোনত টেপিঙৰ অভিযোগক লৈ শাসক-বিৰোধীৰ মাজত ৰাজনৈতিক বাকযুদ্ধ অব্যাহত থকাৰ সময়তে সম পিত্ৰোদাৰ এই মন্তব্যই নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ...