শুকুৰবাৰে নিশা ছিমলাত কংগনা ৰানাৱতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে হিমাচল প্ৰদেশ আৰক্ষীয়ে।
সামাজিক মাধ্যমত গান্ধী পৰিয়ালক লৈ কেইবাটাও পোষ্ট কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰিছে অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰানাৱতে। এইবাৰ তেওঁৰ বিৰুদ্ধে এজাহাৰ (FIR) দাখিল কৰিছে হিমাচল প্ৰদেশ আৰক্ষীয়ে।
অভিযোগ অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধীৰ মৃত্যুক লৈ কংগনাই কৰা পোষ্টত এনে কিছুমান ইংগিতপূৰ্ণ মন্তব্য কৰা হৈছে, যিয়ে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।
শুকুৰবাৰে নিশা ছিমলাত কংগনা ৰানাৱতৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হয়। ছিমলাৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত কেপ্টেইন অতুল শৰ্মাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। তেওঁ হিমাচল প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান অশোক তিৱাৰীৰ ওচৰত কংগনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
অতুল শৰ্মাৰ দাবী অনুসৰি, কংগনাৰ পোষ্টসমূহত ছোনিয়া গান্ধীক ‘ৰহস্যময় বিদেশী নাগৰিক’ বুলি অভিহিত কৰা হৈছিল। ইয়াৰ উপৰি গান্ধী পৰিয়ালৰ এটাৰ পাছত আনটো সদস্যৰ মৃত্যুৰ পিছত কেনেদৰে ছোনিয়া গান্ধী ক্ষমতাৰ কেন্দ্ৰবিন্দুলৈ আহিছিল, সেই সন্দৰ্ভতো ইংগিতপূৰ্ণ মন্তব্য কৰা হৈছিল।
এই অভিযোগৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ১৯৬(১)(বি), ৩৫৩(২) আৰু ৩৫৬(২) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। উল্লেখযোগ্য যে, এই ধাৰাসমূহৰ ভিতৰত বিভিন্ন গোষ্ঠীৰ মাজত শত্ৰুতা সৃষ্টি কৰা, জনশান্তি বিঘ্নিত কৰিব পৰা বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা আৰু মানহানিৰ অভিযোগৰ সৈতে জড়িত বিধান অন্তৰ্ভুক্ত আছে।
