বন্ধুবৰ্গৰ সৈতে ফুৰিবলৈ আহি উভতি ন’গল ৰফিক আলী; কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিহাৰৰ যুৱক ৰফিক আলীয়ে

ডিমাপুৰত থকা বন্ধুৰ ওচৰলৈ ছয়জন বন্ধুৰ সৈতে ফুৰিবলৈ আহিছিল বিহাৰৰ মধুবনীৰ যুৱক ৰফিক আলী। মণিপুৰত কৰ্মৰত ৰফিকৰ বাবে এই ভ্ৰমণ আছিল বন্ধুৰ সৈতে কিছু সময় আনন্দেৰে কটোৱাৰ এক সুযোগ। কিন্তু সেই আনন্দৰ ভ্ৰমণেই অৱশেষত পৰিণত হ’ল এক কৰুণ ঘটনাত।

জানিব পৰা মতে, ছয়জনীয়া বন্ধুৰ দলটোৰ বাকী ছয়জন বন্ধুৱে ৰাজধানী এক্সপ্ৰেছযোগে উভতি যায় যদিও ৰফিক আলী ডিমাপুৰতে ৰৈ যায়। ইয়াৰ পিছতে যোৰহাটলৈ ফুৰিবলৈ আহে ৰফিক। যোৰহাটত থকা বন্ধুৰ সৈতে ছট পূজা উপভোগ কৰাৰ উদ্দেশ্যে তেওঁ তাত থাকি যায়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে কাজিৰঙাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় ৰফিক আলীয়ে। বিহাৰৰ মধুবনীত থকা তেওঁৰ পৰিয়াললৈ নামি আহিছে গভীৰ শোকৰ ছাঁ।

জানিব পৰা মতে, ৰফিকৰ ঘৰ বিহাৰৰ মধুবনীত। তেওঁৰ পত্নী আৰু সন্তান ঘৰতে আছে। ইফালে, ৰফিকৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে ডিমাপুৰৰ পৰা বন্ধুৱে তেওঁৰ মৃতদেহ সংগ্ৰহ কৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ...