NEDFiৰ CSR সহযোগিতাৰে কালিগঞ্জ–ৰতনপুৰত ছমহীয়া বিশেষ কাৰ্যসূচী ৰূপায়ণ; পৰম্পৰাগত শিল্পৰ বিকাশৰ লগতে চৰকাৰী আঁচনি আৰু ডিজিটেল সেৱাৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্য।
প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা পৰম্পৰাগত শীতল পাটি বয়নশিল্পক অধিক শক্তিশালী কৰাৰ লগতে এই শিল্পৰ সৈতে জড়িত মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা বৃদ্ধিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ইণ্ডিয়ান আৱাজ ফাউণ্ডেচনে। নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্প’ৰেচন লিমিটেড (NEDFi)-ৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR)ৰ অধীনত আগবঢ়োৱা আৰ্থিক সহযোগিতাৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জ–ৰতনপুৰ অঞ্চলত ‘শীতল পাটি শিল্পী জীৱিকা আৰু ডিজিটেল সৱলীকৰণ পদক্ষেপ’ নামৰ ছমহীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
এই কাৰ্যসূচীৰ জৰিয়তে অঞ্চলটোৰ ৫০ গৰাকী মহিলা শীতল পাটি শিল্পীক সামৰি তেওঁলোকৰ জীৱিকাৰ মান উন্নত কৰা, পৰম্পৰাগত শিল্পৰ বজাৰ সম্প্ৰসাৰণ কৰা আৰু চৰকাৰী বিভিন্ন আঁচনি তথা ডিজিটেল সেৱাৰ সৈতে সংযোগ স্থাপনৰ ব্যৱস্থা কৰা হ’ব।
উল্লেখ্য যে, শ্ৰীভূমি জিলাৰ কালিগঞ্জ অঞ্চলৰ পাটিয়াৰা সম্প্ৰদায়ৰ মহিলাসকলে দীৰ্ঘদিন ধৰি শীতল পাটি বয়নশিল্পৰ পৰম্পৰা জীয়াই ৰাখিছে। স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী আৰু পূৰ্বপুৰুষৰ পৰা লাভ কৰা দক্ষতাৰে তেওঁলোকে প্ৰস্তুত কৰি অহা শীতল পাটি বৰাক উপত্যকাৰ এক পৰিচিত পৰম্পৰাগত শিল্পকৰ্ম। কিন্তু এই শিল্পৰ সৈতে জড়িত মহিলাসকলে আজিও উপযুক্ত বজাৰ, উচিত মূল্য, আধুনিক ডিজাইন আৰু প্ৰশিক্ষণৰ অভাৱত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে।
অন্যান্য পিছপৰা শ্ৰেণী (OBC)ৰ অন্তৰ্ভুক্ত পাটিয়াৰা সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ ১০ শতাংশতকৈও কম বুলি জানিব পৰা গৈছে। ফলত চৰকাৰী আঁচনিৰ তথ্য লাভ, অনলাইন আবেদন, ডিজিটেল সেৱা ব্যৱহাৰ আৰু বিভিন্ন উন্নয়নমূলক সুবিধা লাভৰ ক্ষেত্ৰতো সম্প্ৰদায়টোৰ লোকসকলে অসুবিধাৰ সন্মুখীন হয়।
এই সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়ান আৱাজ ফাউণ্ডেচনে দুটা বিশেষ কেন্দ্ৰৰ জৰিয়তে কাৰ্যসূচীটো ৰূপায়ণৰ ব্যৱস্থা কৰিছে। এই দুটা কেন্দ্ৰ হৈছে ‘আৰ্টিজান এণ্টাৰপ্ৰাইজ চেণ্টাৰ’ আৰু ‘আৰ্টিজান ডিজিটেল সেৱা চেণ্টাৰ’।
আৰ্টিজান এণ্টাৰপ্ৰাইজ চেণ্টাৰৰ জৰিয়তে মহিলা শিল্পীসকলক শীতল পাটিৰ নতুন ডিজাইন প্ৰস্তুত, আধুনিক গৃহসজ্জাৰ সামগ্ৰী, বেগ আৰু অন্যান্য ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ, উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নত কৰা আৰু উপযুক্ত মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত সহায় কৰা হ’ব। লগতে খুচুৰা বিপণী, প্ৰদৰ্শনী, বাণিজ্য মেলা, প্ৰতিষ্ঠানিক ক্ৰেতা আৰু কৰ্প’ৰেট উপহাৰৰ বজাৰৰ সৈতে শিল্পীসকলক সংযোগ কৰাৰ প্ৰয়াস কৰা হ’ব।
আনহাতে, আৰ্টিজান ডিজিটেল সেৱা চেণ্টাৰৰ জৰিয়তে শিল্পী আৰু তেওঁলোকৰ পৰিয়ালক বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে তথ্য প্ৰদান, অনলাইন পঞ্জীয়ন, আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা, প্ৰয়োজনীয় নথি-পত্ৰ প্ৰস্তুত কৰা আৰু সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ স্থাপন কৰাত সহায় কৰা হ’ব। অৰ্থাৎ কেৱল তথ্য প্ৰদানতে সীমাবদ্ধ নাথাকি হিতাধিকাৰীসকলক আৰম্ভণিৰ পৰা শেষলৈকে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
এই সমগ্ৰ কাৰ্যসূচী ইণ্ডিয়ান আৱাজ ফাউণ্ডেচনৰ বৰাক উপত্যকাত থকা কাৰ্যকৰী কেন্দ্ৰ ‘বৰাক ডেভেলপমেণ্ট চেণ্টাৰ’ৰ জৰিয়তে সমন্বয় কৰা হ’ব। কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায়ৰ সামাজিক আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই সন্দৰ্ভত ইণ্ডিয়ান আৱাজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক মঃ নাজিম আহমেদে কয় যে, পৰম্পৰাগত শিল্পীসকলৰ শিল্পকলাক আমি প্ৰায়ে প্ৰশংসা কৰোঁ যদিও তেওঁলোকে দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যাসমূহৰ প্ৰতি পৰ্যাপ্ত গুৰুত্ব দিয়া নহয়। পাটিয়াৰা সম্প্ৰদায়ৰ মহিলাসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শীতল পাটি বয়নশিল্পক জীয়াই ৰাখিছে। কিন্তু বৰ্তমান সময়ত তেওঁলোকক কেৱল প্ৰশংসাৰ পৰিৱৰ্তে উন্নত বজাৰ, তথ্য, ডিজিটেল সেৱা আৰু চৰকাৰী তথা প্ৰতিষ্ঠানিক সহায়ৰ প্ৰয়োজন।
তেওঁ লগতে কয় যে, এই পদক্ষেপৰ জৰিয়তে পৰম্পৰাগত দক্ষতাক আধুনিক সুযোগৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰা হৈছে। আৰ্টিজান এণ্টাৰপ্ৰাইজ চেণ্টাৰে শিল্পীসকলৰ উৎপাদিত সামগ্ৰীৰ অৰ্থনৈতিক মূল্য বৃদ্ধিত সহায় কৰিব আৰু আৰ্টিজান ডিজিটেল সেৱা চেণ্টাৰে তেওঁলোকক চৰকাৰী আঁচনি, অত্যাৱশ্যকীয় সেৱা আৰু বিভিন্ন প্ৰতিষ্ঠানিক সুবিধাৰ সৈতে সংযুক্ত কৰিব। বৰাক ডেভেলপমেণ্ট চেণ্টাৰৰ জৰিয়তে বৰাক উপত্যকাৰ বিভিন্ন সম্প্ৰদায়ৰ উন্নয়নৰ বাবে এক শক্তিশালী সহায়ক ব্যৱস্থা গঢ়ি তোলাই তেওঁলোকৰ বৃহত্তৰ লক্ষ্য বুলিও তেওঁ উল্লেখ কৰে।
ইণ্ডিয়ান আৱাজ ফাউণ্ডেচনে এই পদক্ষেপৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে পৰম্পৰাগত জীৱিকাৰ উন্নয়ন আৰু মহিলা শিল্পীসকলৰ সৱলীকৰণৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ বাবে NEDFi-ক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে, এই পদক্ষেপ কেৱল শীতল পাটি বয়নশিল্পৰ সংৰক্ষণতে সীমাবদ্ধ নহয়; বৰঞ্চ এই পৰম্পৰাগত শিল্পৰ সৈতে জড়িত মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলা আৰু তেওঁলোকৰ পৰিয়ালক উন্নয়নৰ মূলসুঁতিৰ সৈতে সংযুক্ত কৰাৰ এক প্ৰয়াস। পৰম্পৰাগত শিল্পক নতুন বজাৰ আৰু প্ৰযুক্তিৰ সৈতে সংযোগ কৰিব পাৰিলে ই নৱপ্ৰজন্মৰ বাবেও এক সম্ভাৱনাপূৰ্ণ জীৱিকাৰ পথ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
ইণ্ডিয়ান আৱাজ ফাউণ্ডেচন হৈছে উত্তৰ-পূব ভাৰত, বিশেষকৈ অসমত দৰিদ্ৰতা নিৰ্মূল, গুণগত শিক্ষা, সামাজিক উন্নয়ন আৰু সুবিধাবঞ্চিত সম্প্ৰদায়ৰ সৱলীকৰণৰ বাবে কাম কৰি অহা এটা পঞ্জীয়নভুক্ত অলাভজনক সংস্থা। সংস্থাটোৱে মহিলা, যুৱক-যুৱতী আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ উন্নয়নৰ বাবে বিভিন্ন সমাজকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
