গুৱাহাটীত শিহৰণকাৰী ঘটনা: মাকক আক্ৰমণ কৰি নৱম শ্ৰেণীৰ ছাত্ৰৰ চৰমপন্থা, পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

মহানগৰীৰ বামুণীমৈদামৰ পূব জ্যোতিনগৰত সংঘটিত এক অতিশয় মৰ্মান্তিক তথা শিহৰণকাৰী ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৱম শ্ৰেণীৰ এজন কিশোৰ ছাত্ৰই আত্মহত্যাৰ দৰে চৰম পথ বাছি লোৱাৰ এই ঘটনাৰ বহুতো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। নিহত ছাত্ৰজন অৰুণাভ কলিতা হিচাপে চিনাক্ত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মাতৃ চন্দ্ৰাণী কলিতা বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

প্ৰাপ্ত তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি মাতৃ চন্দ্ৰাণী কলিতা আৰু তেওঁৰ বায়েক তথা অৰুণাভৰ জেঠায়েক ইন্দ্ৰাণী কলিতাৰ মাজত মাটি-সম্পত্তিক লৈ তীব্ৰ সংঘাত চলি আহিছিল। এই পৰিয়ালটোৰ বিবাদক লৈ চানমাৰি থানাত কেইবাটাও গোচৰ পঞ্জীয়ন হোৱাৰ লগতে বিষয়টো আদালতৰ মজিয়া পাইছিলগৈ। পূৰ্বে আইতাকগৰাকী চন্দ্ৰাণীৰ লগত আছিল যদিও কিছু মাহৰ পিছত তেওঁ ইন্দ্ৰাণীৰ সৈতে থাকিবলৈ লয়। অভিযোগ উত্থাপন হৈছে যে ইন্দ্ৰানিয়ে আইতাকক লগত থাকি মাটি-সম্পত্তি নিজৰ নামত কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। এনে পাৰিবাৰিক অশান্তি আৰু অত্যাচাৰৰ বাবেই চন্দ্ৰাণীৰ পুত্ৰ অৰুণাভে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল বুলি চৰ্চা হৈছে।

কিশোৰজনৰ জেঠায়েকৰ মন্তব্য অনুসৰি, পঢ়া-শুনাত অত্যন্ত চোকা আছিল অৰুণাভ। ঘটনাৰ দিনা দুপৰীয়া ২:১৫ মান বজাত মাকৰ সৈতে স্কুলৰ পৰা ঘৰলৈ উভতিছিল অৰুণাভ। একেটা ঘৰৰ তলৰ মহলাত বাস কৰা অৰুণাভৰ জেঠায়েক আৰু আইতাকে সেই সময়ত কোনো ধৰণৰ কাজিয়া-পেচাল বা হুলস্থুলৰ শব্দ শুনিবলৈ পোৱা নাছিল। পাছত আৰক্ষী আহি ঘৰত উপস্থিত হোৱাতহে তেওঁলোকে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হয়। আৰক্ষীৰ লগত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে চন্দ্ৰাণীক তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। সেই সময়ত আঘাতপ্ৰাপ্ত মাতৃয়ে বাৰে বাৰে কান্দি কান্দি কৈছিল, “মোৰ ল’ৰাৰ কি ভুল আছিল?” ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক হাস্পতাললৈ লৈ যায়। উল্লেখ্য যে, মৃত অৰুণাভৰ মাতৃৰ আন আত্মীয়সকলৰ সৈতেও বিশেষ সু-সম্পর্ক নাছিল। লগতে মাক চন্দ্ৰাণী কলিতা আৰু জেঠায়েক দুয়োগৰাকীয়ে বিবাহ বিচ্ছেদিত বুলি জানিব পৰা গৈছে।

মাকক ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ চলাই অৰুণাভে নিজৰ স্কুলৰ হোৱাটছআপ গ্ৰুপত এটা মৰ্মান্তিক বাৰ্তা প্ৰেৰণ কৰে। সেই মেছেজটোত তেওঁ মুকলিকৈয়ে মাকক হত্যাৰ চেষ্টা কৰাৰ কথা স্বীকাৰ কৰে আৰু ঘৰলৈ ততাতৈয়াকৈ এম্বুলেন্স পঠিয়াই দিবলৈ অনুৰোধ জনাইছিল। ইয়াৰোপৰি, বন্ধুৰ মাতৃৰ ওচৰৰ পৰা নিজৰ ঘৰৰ সঠিক ঠিকনা সংগ্ৰহ কৰি ল’বলৈও তেওঁ গ্ৰুপটোত উল্লেখ কৰিছিল। মাকক আক্ৰমণ কৰাৰ পিছতে নিশা ABC অঞ্চলৰ এটা অট্টালিকাৰ পৰা জপিয়াই কিশোৰজনে চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

পৰিয়ালৰ সূত্ৰ আৰু একাংশ লোকৰ মতে, ঘৰখনৰ সম্পত্তিৰ বিবাদ আৰু পাৰিবাৰিক পৰিস্থিতিৰ বাবে অৰুণাভ কলিতা দীৰ্ঘদিন ধৰি মানসিকভাৱে যথেষ্ট ভাৰাক্ৰান্ত আছিল। ঘৰত মাতৃ আৰু কিশোৰজনৰ বাহিৰে আন কোনো নথকাৰ বাবে, কিশোৰজনে নিজৰ মৃত্যুৰ পাছত অকলশৰীয়া হৈ পৰা মাতৃয়ে সমাজত বা আন আত্মীয়ৰ ওচৰত কি পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব, সেই কথা চিন্তা কৰিয়েই এই চৰম পথ বাছি লোৱাৰ পূৰ্বে মাতৃক হত্যাৰ পৰিকল্পনা কৰিছিল বুলি অনুমান কৰা হৈছে। শুক্ৰবাৰে বিদ্যালয়ৰ পৰা আহি মাতৃ আৰু অৰুণাভৰ মাজত হোৱা তৰ্কযুদ্ধৰ পিছতেই এই জঘন্য পৰিস্থিতিৰ সৃষ্টি হয়। বৰ্তমান আৰক্ষীয়ে মাতৃ-পুত্ৰৰ মোবাইল ফোন জব্দ কৰি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এক বিস্তৃত তদন্ত আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ...