গড়ভাংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰান্তৰ পৰা উদ্ধাৰ এটা প্ৰাপ্তবয়স্ক নাহফুটুকী বাঘ

গুৱাহাটী, ১ জুলাই, NKTV: বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ ওচৰৰ গড়ভাংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে এটা প্ৰাপ্তবয়স্ক নাহফুটুকী বাঘ। মাধৱ নগৰৰ এটা কুঁৱাত পৰি যোৱা নাহৰফুটুকী বাঘটো বনৰক্ষীয়ে উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

এটা ২০ ফুটৰ মুকলি কুঁৱাত পৰি যোৱাৰ পিছত ভিতৰ আবদ্ধ হৈ পৰে নাহৰফুটুকী বাঘটো।
চুবুৰীয়াই কুঁৱাৰ ভিতৰৰ পৰা ভাহি অহা গুজৰণিৰ শব্দ শুনি কুঁৱাৰ পানীত ওপঙি থকা নাহফুটুকী বাঘটো প্ৰত্যক্ষ কৰি ততাতয়াকৈ বন বিভাগক খবৰ দিয়ে।

ইয়াৰ পিছতেই ঘটনাস্থলীত বনৰক্ষী উপস্থিত হৈ নাহফুটুকী বাঘটো উদ্ধাৰ কৰি গভীৰ বননীৰ মাজত বাঘটো মুকলি কৰি দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...