অৰ্চনা পূৰণ সিঙে এৰিব নেকি কপিল শৰ্মাৰ কমেডি শ্ব’

গুৱাহাটী, ১ জুলাই, NKTV: চোনী টিভি খ্যাত কপিল শৰ্মাৰ জনপ্ৰিয় কমেডি শ্ব’ “ড্যা কপিল শৰ্মা শ্ব'”ত অৰ্চনা পূৰণ সিং আৰু নাথাকিব বুলি এক বাতৰি প্ৰচাৰ হৈছে।
অৰ্চনা পূৰণ সিং এতিয়াৰ পৰা কমেডি শ্বটোৰ অংশ নহয় বুলি প্ৰচাৰ হোৱা এই বাতৰিটোকলৈ এইবাৰ নিজৰ মন্তব্য প্ৰকাশ কৰিলে বলীউডৰ অভিনেত্ৰী গৰাকীয়ে। বাতৰিটো সন্দৰ্ভত E-TIMESৰ আগত জনালে প্ৰকৃত কথা।
এই বাতৰি সম্পূৰ্ণৰূপে মিছা বুলি উল্লেখ কৰি অৰ্চনাই কয় যে ইয়াৰ পূৰ্বেও “ড্যা কপিল শৰ্মা শ্ব'” এৰিব বুলি এটা ভূৱা বাতৰি প্ৰকাশ পাইছিল। কিন্তু প্ৰকৃততে এই বাতৰিটো মিছা বুলি উল্লেখ কৰি তেওঁ কয় যে এই শ্বটোৰ আহিবলগীয়া চিজনৰ অংশৰ লগতো তেওঁ জড়িত হৈ থাকিব।
অভিনেত্ৰী অৰ্চনায়ই ২০১৯ চনত “ড্যা কপিল শৰ্মা শ্ব'”ত অংশ গ্ৰহণ কৰিছিল। নৱজোৎ সিং সিদ্ধুৰ সলনি অৰ্চনাই “ড্যা কপিল শৰ্মা শ্ব'”ত অংশ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। যোৱা বছৰ টিভি স্ক্ৰীনলৈ উভতি অহা কপিল শৰ্মাই হোষ্ট কৰা কমেডি শ্ব’ত অভিনেত্ৰী গৰাকীয়ে চিত্ৰ গ্ৰহণৰ অংশ হোৱাৰ কথা উল্লেখ কৰিছিল।
ইয়াৰ উপৰি অৰ্চনাই ই-টামইচক কয় যে, চলিত বৰ্ষত তেওঁ মাত্ৰ এখন ৱেব চিৰিজৰ চিত্ৰ গ্ৰহণৰ কামত ব্যস্ত হৈছিল। লগে লগেই তেওঁ কমেডি শ্বটো এৰিব বুলিয়েই ভূৱা বাতৰিটো প্ৰকাশ পাইছিল। যোৱা বৰ্ষটো তেওঁ এখন চিনেমাৰ চিত্ৰগ্ৰহণৰ কামত ব্যস্ত থকাৰ সময়ত এনে ভূৱা বাতৰি প্ৰকাশ পোৱাৰ কথা সদৰি কৰিছে অভিনেত্ৰী গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ...

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...