দুই প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ওড়িশাৰ সুবৰ্ণপুৰ জিলাত। আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত ব্যক্তিজনৰ নাম সুদাম নাগ। অভিযোগ অনুসৰি, স্বামীক হত্যা কৰাৰ উদ্দেশ্যে পত্নী কবিতা নাগে নিজৰ ডিঙিৰ সোণৰ মংগলসূত্ৰ বন্ধকত থৈ পোৱা ধনেৰে পিষ্টল ক্ৰয় কৰিছিল। এই হত্যাকাণ্ডৰ অভিযোগত আৰক্ষীয়ে কবিতা আৰু তেওঁৰ দুই প্ৰেমিক ত্ৰিলোচন বাগ আৰু যুৱৰাজ ছাউক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, কবিতাৰ সৈতে যুৱৰাজৰ বিগত ১২ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। ইয়াৰ পিছতো সুদামৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কবিতা। বিবাহৰ পিছত ত্ৰিলোচন বাগ ওৰফে টিংকু ওৰফে টিকেচন্দৰৰ সৈতেও প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে কবিতাৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, ত্ৰিলোচনে কেইবাবাৰো কবিতাৰ ঘৰলৈও আহ-যাহ কৰিছিল। এই বিষয়টোক লৈ আপত্তি আছিল সুদামৰ। ত্ৰিলোচনৰ সৈতে সম্পৰ্ক ৰখাৰ ক্ষেত্ৰতো কবিতাক বাধা দিছিল সুদামে। ইয়াকে লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল।
আৰক্ষীৰ অভিযোগ অনুসৰি, এই পাৰিবাৰিক অশান্তিৰ পৰিণতিতে সুদামক হত্যাৰ পৰিকল্পনা কৰিছিল কবিতা, যুৱৰাজ আৰু ত্ৰিলোচনে। কবিতাই নিজৰ সোণৰ মংগলসূত্ৰ ত্ৰিলোচনৰ জৰিয়তে এখন দোকানত বন্ধকত থৈ ৪৫ হাজাৰ টকা লাভ কৰিছিল। সেই ধনেৰে ৰাউৰকেল্লাৰ এগৰাকী ব্যক্তিৰ জৰিয়তে এটা থলুৱা পিষ্টল আৰু গুলী ক্ৰয় কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, অস্ত্ৰ আৰু গুলীৰ মূল্য নগদ ধন আৰু অনলাইনযোগে পৰিশোধ কৰা হৈছিল।
ইফালে, সুদামৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ আৰম্ভ কৰিছিল অভিযুক্তসকলে। আৰক্ষীৰ মতে, যুৱৰাজে ফোনযোগে কবিতাক সুদামৰ বিষয়ে বিভিন্ন তথ্য যোগান ধৰিছিল। আনহাতে, কবিতাই হোৱাটছএপৰ জৰিয়তে ত্ৰিলোচনক সুদামৰ গতিবিধিৰ বিষয়ে অৱগত কৰিছিল।
কেইবাদিনো ধৰি নজৰদাৰী চলোৱাৰ পিছত যোৱা ১৭ নৱেম্বৰত সুবৰ্ণপুৰৰ পংকেল চক অঞ্চলত সুদামৰ ওপৰত আক্ৰমণ চলায় ত্ৰিলোচনে। প্ৰথমে সুদামক লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰা হয়। গুলীবিদ্ধ হৈ সুদাম পথত বাগৰি পৰাৰ পিছত পুনৰ দুজাঁই গুলীচালনা কৰা হয়। ফলত ঘটনাস্থলীতে মৃত্যু হয় সুদামৰ।
আনহাতে, আৰক্ষীৰ সন্দেহৰ পৰা হাত সাৰিবলৈ কবিতাই নিজেই থানাত স্বামীক হত্যাৰ অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বিভিন্ন তথ্য-প্ৰমাণ পৰীক্ষা কৰাৰ পিছত এই হত্যাকাণ্ডৰ আঁৰত কবিতা আৰু তেওঁৰ দুই সহযোগী ত্ৰিলোচন আৰু যুৱৰাজৰ ষড়যন্ত্ৰ থকাৰ তথ্য লাভ কৰে।
তদন্তৰ সময়ত আৰক্ষীয়ে নিহত সুদামৰ ম’বাইল ফোনটো উদ্ধাৰ কৰাৰ লগতে আন পাঁচটা ম’বাইল ফোন, দুখন মটৰচাইকেল আৰু হত্যাকাণ্ডত ব্যৱহৃত আগ্নেয়াস্ত্ৰটোও জব্দ কৰিছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
