বিৰোধিতাৰ পৰা মিত্ৰতালৈ! নেতান্যাহুৰ সৈতে চৰকাৰ গঠনৰ প্ৰস্তুতি গাদি আইজেনকটৰ, ৫ চৰ্ততহে হ’ব মিত্ৰতা

নতুন ৰাজনৈতিক কৌশলেৰে ইজৰাইলত ক্ষমতা দখলত সফল হ’ব নে গাদি আইজেনকট?

ইজৰাইলত চৰকাৰ গঠনক কেন্দ্ৰ কৰি ৰাজনীতিত আহিছে নাটকীয় পৰিৱৰ্তন। দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ক্ষমতাৰ পৰা আঁতৰোৱাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিৰোধী শিবিৰে অৱশেষত তেওঁৰ দল লিকুডৰ সৈতে আলোচনাত বহিবলৈ আগবাঢ়িছে। প্ৰাক্তন সেনাপ্ৰধান তথা য়াশ্বাৰ পাৰ্টিৰ নেতা গাদি আইজেনকটে এই পদক্ষেপ গ্ৰহণ কৰিছে।

দেওবাৰ, ২২ নৱেম্বৰৰ পৰা দুয়োটা শিবিৰৰ মাজত আৰম্ভ হোৱাৰ কথা মাৰাথন বৈঠক। অৱশ্যে মিত্ৰতা গঠনৰ পথত আটাইতকৈ ডাঙৰ বাধা হৈ থিয় দিছে নেতান্যাহুৰ পাঁচটা চৰ্ত। বিশেষকৈ প্ৰধানমন্ত্ৰীৰ পদ এৰিবলৈ কোনো কাৰণতে ৰাজী নহয় নেতান্যাহু।

দেওবাৰৰ পৰাই দুয়োটা শিবিৰৰ মাজত আলোচনাৰ সূচনা হোৱাৰ কথা। লক্ষ্য হৈছে ইজৰাইলত যিমান পাৰি বৃহৎ ৰাজনৈতিক মিত্ৰজোঁট গঠন কৰি নতুন চৰকাৰ প্ৰতিষ্ঠা কৰা।

যোৱা ২৭ অক্টোবৰত অনুষ্ঠিত নিৰ্বাচনত ইজৰাইলৰ ১২০খন আসনবিশিষ্ট নেছেটত কোনো এটা পক্ষই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৬১খন আসন লাভ কৰিবলৈ সক্ষম নহ’ল। আইজেনকটৰ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ হাতত আছে ৪৮খন আসন। অৱশ্যে তেওঁক চৰকাৰ গঠনৰ দায়িত্ব দিয়াৰ পক্ষত ৬৭গৰাকী সাংসদে সমৰ্থন জনাইছিল। সেয়েহে চৰকাৰ গঠনৰ বাবে অতিৰিক্ত সমৰ্থন সংগ্ৰহ কৰাটোৱেই এতিয়া তেওঁৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান।

আইজেনকটৰ নেতৃত্বাধীন মধ্যপন্থী য়াশ্বাৰ পাৰ্টিয়ে জনাইছে যে নতুন চৰকাৰ গঠনৰ সকলো সম্ভাৱনা পৰীক্ষা কৰাৰ উদ্দেশ্যে লিকুডৰ সৈতে দীঘলীয়া আলোচনাত বহিবলৈ বিচাৰে তেওঁলোকে। সেই অনুসৰিয়েই দলৰ আলোচনাকাৰী প্ৰতিনিধিসকলক লিকুডৰ নেতাসকলক আমন্ত্ৰণ জনাবলৈ নিৰ্দেশ দিছে আইজেনকটে।

দলীয় বিবৃতিত কোৱা হৈছে যে যিমান পাৰি বৃহৎ চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁলোক আন্তৰিক। দেশৰ ৰাজনৈতিক অচলাৱস্থা দূৰ কৰিবলৈ কোনো সম্ভাৱনাই পৰীক্ষা নকৰাকৈ এৰি দিব নিবিচাৰে য়াশ্বাৰ পাৰ্টিয়ে।

ইজৰাইলৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, লিকুডৰ সৈতে সম্ভাৱ্য মিত্ৰজোঁট গঠনৰ বাবে নেতান্যাহুৱে পাঁচটা গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰিছে।

১. চাৰি বছৰ প্ৰধানমন্ত্ৰীৰ পদত থাকিব নেতান্যাহু: আগন্তুক চাৰি বছৰলৈ প্ৰধানমন্ত্ৰীৰ পদত নেতানিয়াহুৱেই অধিষ্ঠিত হৈ থাকিব। আইজেনকটৰ সৈতে প্ৰধানমন্ত্ৰীৰ পদ ভাগ-বতৰা কৰাৰ কোনো সম্ভাৱনা নাথাকিব।

২.৭ অক্টোবৰৰ হামাছৰ আক্ৰমণৰ তদন্ত: ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে পূৰ্ণাংগ ৰাষ্ট্ৰীয় তদন্ত আয়োগ গঠন কৰিব নোৱাৰিব। ইয়াৰ পৰিৱৰ্তে ৰাজনৈতিক তদন্ত আয়োগ গঠনৰ প্ৰস্তাৱ দিয়া হৈছে।

৩. অতি-ধৰ্মীয় ইহুদী যুৱকৰ সামৰিক সেৱাত ৰেহাই: অতি-ধৰ্মীয় ইহুদী সম্প্ৰদায়ৰ যুৱকসকলৰ বাধ্যতামূলক সামৰিক সেৱাৰ ক্ষেত্ৰত পূৰ্বৰ ৰেহাই অব্যাহত ৰাখিব লাগিব। এই সন্দৰ্ভত লিকুডে প্ৰস্তাৱ কৰা আইন আগবঢ়াই নিব লাগিব।

৪. বেন-গভিৰক চৰকাৰত স্থান: নেতানিয়াহুৰ মিত্ৰ তথা কট্টৰ দক্ষিণপন্থী নেতা ইতামাৰ বেন-গভিৰক নতুন চৰকাৰত স্থান দিব লাগিব।

৫. ন্যায় ব্যৱস্থাৰ সংস্কাৰ: ন্যায় ব্যৱস্থাৰ সংস্কাৰক কেন্দ্ৰ কৰি বিতৰ্কিত আইনসমূহ সকলো পক্ষৰ মাজত ঐকমত্য নোহোৱালৈকে বাহাল ৰাখিব লাগিব।

এই চৰ্তসমূহ মানি লোৱাটো আইজেনকটৰ বাবে যথেষ্ট কঠিন হ’ব পাৰে। কাৰণ, নেতানিয়াহুৰ নেতৃত্বত চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁ পূৰ্বৰে পৰা আপত্তি প্ৰকাশ কৰি আহিছে। তেওঁৰ মতে, লিকুডৰ নেতাসকলে চৰকাৰত যোগদান কৰিব পাৰে, কিন্তু প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব লাগিব তেওঁ নিজেই।

আনহাতে, ২১ নৱেম্বৰত লিকুডে ৰাজহুৱাভাৱে আৰু কেইবাটাও চৰ্ত উত্থাপন কৰে। নেতানিয়াহু আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক বৰ্জন তথা ব্যক্তিগত আক্ৰমণ বন্ধ কৰিব লাগিব বুলি দাবী জনায় দলটোৱে।

ইয়াৰ উপৰি, ইজৰাইলক ইহুদী জনগোষ্ঠীৰ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া দলসমূহৰ সৈতে চৰকাৰ গঠনৰ বাবে যৌথ ঘোষণা কৰিব লাগিব। আৰব দলসমূহৰ সৈতে চৰকাৰ গঠনৰ প্ৰচেষ্টাৰ পৰাও আঁতৰি আহিব লাগিব।

লগতে পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ বিৰোধিতা, গাজা, লেবানন আৰু ছিৰিয়াত ইজৰাইলৰ নিৰাপত্তাজনিত নিয়ন্ত্ৰণ বাহাল ৰখা আৰু কট্টৰপন্থী নেতাসকলৰ সৈতে সামৰিক সেৱাৰ বিষয়ত বুজাবুজি কৰাৰো চৰ্ত আৰোপ কৰিছে লিকুডে।

এই ৰাজনৈতিক পৰিস্থিতিৰ মাজতে আইজেনকটৰ নিজৰ বিৰোধী শিবিৰতো মতানৈক্যৰ সৃষ্টি হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী নাফটালি বেনেটে আইজেনকটৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঐক্যৰ চৰকাৰ গঠনত সন্মতি প্ৰকাশ কৰিছে। কিন্তু নেতানিয়াহুৰ সৈতে কোনো পৰিস্থিতিতে হাত মিলাবলৈ তেওঁ ৰাজী নহয় বুলি স্পষ্ট কৰি দিছে।

আনহাতে, আভিগদৰ লিবাৰমেনে অতি-ধৰ্মীয় দলসমূহৰ সমৰ্থনত চৰকাৰ গঠনৰ পোষকতা কৰিছে। ইয়াৰ বিপৰীতে য়ায়েৰ গোলানে আৰব দলসমূহৰ বাহ্যিক সমৰ্থনত সংখ্যালঘু চৰকাৰ গঠনৰ সম্ভাৱনা দেখিছে।

এনে পৰিস্থিতিত আইজেনকটৰ সন্মুখত এতিয়া তিনিটা বিকল্প আছে—

লিকুডৰ সৈতে ৰাষ্ট্ৰীয় ঐক্যৰ চৰকাৰ গঠন।
অতি-ধৰ্মীয় দলসমূহৰ সমৰ্থনত মিত্ৰজোঁট গঠন।
আৰব দলসমূহৰ বাহ্যিক সমৰ্থনত সংখ্যালঘু চৰকাৰ গঠন।

অৱশ্যে তৃতীয় বিকল্পৰ ক্ষেত্ৰতো লিবাৰমেনৰ আপত্তি আছে। আনহাতে, নেতান্যাহু আৰু বেনেটৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত হোৱা আঢ়ৈ ঘণ্টীয়া বৈঠকেও বিৰোধী শিবিৰৰ মাজত সন্দেহৰ সৃষ্টি কৰিছিল।

৬ ডিচেম্বৰৰ ভিতৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত কোনো অগ্ৰগতি লাভ কৰিব নোৱাৰিলে ইজৰাইলৰ ৰাজনৈতিক সংকট অধিক গভীৰ হোৱাৰ আশংকা আছে।

সেয়েহে নেতান্যাহুৰ পাঁচটা চৰ্ত মানি আপোচ কৰিব নে তেওঁক বাদ দি বিকল্প চৰকাৰ গঠনৰ পথ বাছি ল’ব, সেয়াই এতিয়া গাদি আইজেনকটৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ইজৰাইলৰ ক্ষমতাৰ অংক কোনটো ৰাজনৈতিক সমীকৰণেৰে মিলিব, সেয়া এতিয়া সময়েহে ক’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইজৰাইলত নতুন চৰকাৰ গঠনৰ তৎপৰতা, নেতানিয়াহুৰ লিকুড পাৰ্টিক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

ইজৰাইলত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি...

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...