তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা! ৰাজস্থানত ৰৈ থকা ট্ৰাকত SUVৰ প্ৰচণ্ড খুন্দা, একেটা পৰিয়ালৰ ৯জনৰ কৰুণ মৃত্যু

খাতু শ্যাম মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতাৰ পথতে কৰুণ দুৰ্ঘটনা, চালক টোপনিত ঢলি পৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ।

ৰাজস্থানৰ কোটাৰ পৰা উদয়পুৰ সংযোগী ঘাইপথত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ৰৈ থকা ট্ৰাকত তীব্ৰবেগী বাহনে খুন্দা মৰাৰ ফলত মহাৰাষ্ট্ৰৰ একেটা পৰিয়ালৰ ৯জন সদস্যৰ মৃত্যু হয়। দুৰ্ঘটনাটোত আন কেইবাজনো লোক আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, গাড়ী চলাই থকা অৱস্থাত চালকজন টোপনিত ঢলি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ আৰক্ষীয়ে বিতং তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, পৰিয়ালটোৱে ৰাজস্থানৰ শম্ভুপুৰাৰ সমীপৰ খাতু শ্যাম মন্দিৰ দৰ্শন কৰি মহাৰাষ্ট্ৰলৈ উভতি আহি আছিল। সেই সময়তে নিশা প্ৰায় ১ বজাত তেওঁলোকৰ এছ ইউ ভিখনে ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। খুন্দাৰ ফলত বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে আৰু ভিতৰত থকা যাত্ৰীসকল আবদ্ধ হৈ পৰে।

কোটাৰ আৰক্ষী অধীক্ষক (SP) তেজস্বিনী গৌতমে জানিবলৈ দিয়া অনুসৰি, বাহনখনত যাত্ৰা কৰা আটাইকেইজন লোক মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ বাসিন্দা আছিল। তেওঁৰ মতে, প্ৰাথমিকভাৱে চালকজন টোপনিত ঢলি পৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ সময়ত পৰিয়ালটোৰ চাৰিখন বাহনৰ এটা কনভয় আছিল। ইয়াৰে এখন বাহন দুৰ্ঘটনাত পতিত হয়। বাহনখনত শিশু-কিশোৰসহ একেটা পৰিয়ালৰ মুঠ ১৬জন সদস্য যাত্ৰা কৰিছিল।

দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত আছে সজ্জন (৬২), তেওঁৰ পত্নী উষা বাই (৬০), সুশীলা (৬২), কৈলাশ (৩৫), তেওঁৰ পত্নী অনিতা (৩৪), বাবুলাল (৭৫) আৰু মাধৱী (৩২)।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰকাৰী দলে বাহনখনৰ ভিতৰত আবদ্ধ হৈ থকা আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে, নিহতসকলৰ মৃতদেহ চিকিৎসালয়ৰ মৰ্গলৈ নিয়া হয়।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইজৰাইলত নতুন চৰকাৰ গঠনৰ তৎপৰতা, নেতানিয়াহুৰ লিকুড পাৰ্টিক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

ইজৰাইলত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি...

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...