চন্দ্ৰৰ মাটিত আলুৰ খেতি কৰি বৃহৎ সাফল্য লাভ কৰিছে বিজ্ঞানীসকলে। ভৱিষ্যতে চন্দ্ৰত দীৰ্ঘদিন ধৰি বসবাস কৰাৰ ক্ষেত্ৰত খাদ্যৰ চিন্তা বহু পৰিমাণে হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰিছে মহাকাশ গৱেষকসকলে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ সহযোগত এই গৱেষণা চলাইছে অৰেগন ষ্টেট ইউনিভাৰ্ছিটিৰ বিজ্ঞানীসকলে। বৃহস্পতিবাৰে ‘npj Microgravity’ নামৰ গৱেষণা আলোচনীত এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে।
চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা পাঁচ প্ৰকাৰৰ মাটিত গৱেষকসকলে ‘মডক’ (Modoc) প্ৰজাতিৰ আলুৰ খেতি কৰে। ৰঙচুৱা বাকলি আৰু বগা শাঁহযুক্ত এই প্ৰজাতিৰ আলু অতি কম সময়তে বৃদ্ধি পায়। গৱেষণাতো আশাব্যঞ্জক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীসকল।
চন্দ্ৰপৃষ্ঠ ‘ৰেগোলিথ’ (Regolith) নামৰ শিলৰ টুকুৰা আৰু ধূলিৰে আবৃত। পৃথিৱীৰ মাটিৰ দৰে চন্দ্ৰৰ মাটিত কোনো জৈৱিক পদাৰ্থ বা নাইট্ৰ’জেন নাথাকে। ইয়াৰ বিপৰীতে তামসহ বিভিন্ন গধুৰ ধাতু থাকে, যিবোৰ শস্যৰ বাবে বিষাক্ত হ’ব পাৰে।
সেয়েহে কেৱল চন্দ্ৰৰ মাটিত আলু ৰোপণ কৰিলে ইয়াৰ শিপা বা আলুৰ কন্দৰ বিকাশ হোৱা নাছিল। এই সমস্যা সমাধানৰ বাবে গৱেষকসকলে চন্দ্ৰৰ মাটিৰ সৈতে ‘ভাৰ্মিকম্পোষ্ট’ অৰ্থাৎ কেঁচুসাৰ মিহলাই দিয়ে। এই সাৰ ৰেড উইগলাৰ প্ৰজাতিৰ কেঁচুৰ সহায়ত প্ৰস্তুত কৰা হয়।
গৱেষণাত দেখা যায় যে মাত্ৰ ৫ শতাংশ কেঁচুসাৰ মিহলোৱাৰ ফলতেই আলুৰ শিপা গজিবলৈ আৰম্ভ কৰে। আনহাতে, ৩০ শতাংশ কেঁচুসাৰ মিহলোৱাৰ ফলত পৃথিৱীৰ মাটিৰ দৰে উন্নত উৎপাদন লাভ কৰা হয়।
২০২৮ চনৰ ভিতৰত চন্দ্ৰলৈ মানুহ পঠোৱাৰ লক্ষ্য লৈছে NASAই। আনহাতে, ২০৩০ চনৰ পূৰ্বে একেধৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চীনে। চন্দ্ৰৰ দক্ষিণ মেৰুত স্থায়ী ঘাটি স্থাপনৰ পৰিকল্পনাও কৰা হৈছে।
কিন্তু পৃথিৱীৰ পৰা সকলো খাদ্য মহাকাশলৈ কঢ়িয়াই নিয়াটো সম্ভৱ নহয়। সেয়েহে ভৱিষ্যতে চন্দ্ৰপৃষ্ঠতে খাদ্য উৎপাদন কৰাটো অত্যন্ত জৰুৰী হৈ পৰিব।
বিজ্ঞানীসকলৰ মতে, আলু হৈছে অধিক কেলৰি প্ৰদান কৰা এবিধ খাদ্য। ইয়াত কলতকৈও অধিক পটাছিয়ামৰ লগতে ভিটামিন C, প্ৰ’টিন আৰু আঁহজাতীয় উপাদান থাকে। আনকি আলু খালে বহু সময়লৈ পেট ভৰি থকাৰ অনুভৱ হয়।
গৱেষকসকলে সেউজগৃহৰ ভিতৰত সৰু সৰু টাবত এই পৰীক্ষা সম্পন্ন কৰিছিল। সেয়েহে উৎপাদিত আলুবোৰৰ ওজন ১০ গ্ৰামতকৈ কম হৈছিল।
বিজ্ঞানীসকলে এতিয়াও সেই আলু খাই পৰীক্ষা কৰা নাই। সকলো নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাত দেখা গৈছে যে আলুবোৰ খাদ্য হিচাপে গ্ৰহণৰ বাবে নিৰাপদ আৰু ইয়াৰ পুষ্টিগুণো অক্ষুণ্ণ আছে। অৱশ্যে, কেইটামান নমুনাত সামান্য পৰিমাণৰ গধুৰ ধাতুৰ উপস্থিতি ধৰা পৰিছে। সেয়েহে এই ক্ষেত্ৰত অধিক সতৰ্কতাৰে পৰীক্ষা-নিৰীক্ষা চলোৱাৰ প্ৰয়োজন বুলি জনাইছে বিজ্ঞানীসকলে।
মহাকাশত আলুৰ খেতি কৰাৰ প্ৰচেষ্টা অৱশ্যে এয়াই প্ৰথম নহয়। ২০১৭ চনত পেৰুৰ আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰই জনাইছিল যে মংগল গ্ৰহৰ পৰিৱেশতো আলুৰ অংকুৰণ সম্ভৱ।
ইয়াৰ উপৰি, চলিত বৰ্ষৰ আৰম্ভণিতে NASAৰ মহাকাশচাৰী ডন পেটিটে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ত এটা প্লাষ্টিকৰ মোনাৰ ভিতৰত বেঙুনীয়া ৰঙৰ আলু উৎপাদন কৰিছিল। তেওঁ আলুটোৰ নাম ৰাখিছিল ‘স্পাডনিক’।
মহাকাশত মাধ্যাকৰ্ষণ শক্তি নথকাৰ বাবে আলুটোৰ শিপা তললৈ নগৈ ওপৰলৈ বৃদ্ধি পাইছিল। ডন পেটিটে জনাইছিল যে হলীউডৰ ‘দ্য মাৰ্চিয়ান’ নামৰ ছবিখনত অভিনেতা মেট ডেমনক আলুৰ খেতি কৰা দেখি তেওঁ এই কামৰ বাবে অনুপ্ৰেৰণা লাভ কৰিছিল।
চন্দ্ৰৰ মাটিত আলুৰ লগতে আন আন শস্য উৎপাদনৰ ক্ষেত্ৰতো গৱেষণা অব্যাহত আছে। বিগত মাৰ্চ মাহত কেঁচুসাৰ মিহলাই চন্দ্ৰৰ মাটিত বুটমাহৰ খেতিও কৰা হৈছিল।
ইয়াৰ উপৰি, বিলাহী, লেটুছ আৰু আলফালফা নামৰ পশুখাদ্য হিচাপে ব্যৱহৃত উদ্ভিদৰ খেতিৰ ওপৰতো গৱেষণা চলি আছে।
এই গৱেষণাৰ সহ-লেখক ডেভিদ হেণ্ডীয়ে জনোৱা অনুসৰি, এই প্ৰযুক্তি কেৱল মহাকাশতে নহয়, পৃথিৱীৰ বাবেও যথেষ্ট উপযোগী হ’ব। মৰুভূমি, অত্যধিক জনবসতিপূৰ্ণ চহৰ আৰু প্ৰদূষিত তথা অনুৰ্বৰ ভূমিত শস্য উৎপাদনৰ ক্ষেত্ৰতো এই পদ্ধতি অত্যন্ত কাৰ্যকৰী হ’ব পাৰে।
