বঙাইগাঁৱত স্ক্ৰাব টাইফাছৰ আতংক, আক্ৰান্ত হৈ এজনৰ মৃত্যু

বঙাইগাঁও জিলাত পুনৰ স্ক্ৰাব টাইফাছৰ সংক্ৰমণক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে। জিলাখনৰ যোগীঘোপাৰ চলন্তাপাৰাত স্ক্ৰাব টাইফাছত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন ৬৮ বছৰীয়া ব্যক্তিৰ। মৃত ব্যক্তিজন চলন্তাপাৰা খুটাপাৰা গাঁৱৰ মনিৰুল হক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, কেইবাদিনো ধৰি জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল মনিৰুল হক। অসুস্থতাৰ বাবে প্ৰথমে তেওঁক চলন্তাপাৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰোৱা হৈছিল।

কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত মনিৰুল হক স্ক্ৰাব টাইফাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে লোকজনৰ। ইফালে, চিগাৰ নামৰ এবিধ অতি ক্ষুদ্ৰ অচিনাক্ত পোকৰ কামোৰৰ ফলতে তেওঁ এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে। এই ঘটনাৰ পিছতে চলন্তাপাৰা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত স্ক্ৰাব টাইফাছক লৈ আতংকৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৩০টা সমষ্টিৰ অধিসূচনা জাৰি

মটক স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ নিৰ্বাচনৰ বাবে ৩০টা সমষ্টিৰ...

ভাৰতৰ অৰ্থনৈতিক বিকাশক প্ৰশংসা ট্ৰাম্পৰ; আমেৰিকাৰ সুদৰ হাৰক লৈ ফেডাৰেল ৰিজাৰ্ভক তীব্ৰ সমালোচনা

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ সৈতে পুনৰ সংঘাতত লিপ্ত হ’ল দেশখনৰ...

২৫ লাখ টকা মুক্তিপণ, তাৰ পিছতো সন্ধান নোলাল ত্ৰিপুৰাৰ শিক্ষকৰ! ১৪ বছৰৰ পিছত অসমত গ্ৰেপ্তাৰ অভিযুক্ত

১৪ বছৰৰ পিছত ত্ৰিপুৰাৰ সন্ধানহীন শিক্ষকক লৈ চাঞ্চল্যকৰ ঘটনা,...