মণিপুৰৰ চান্দেল জিলাত সন্দেহজনকভাৱে ভেজাল সুৰা সেৱনৰ ফলত বিগত তিনিদিনত ১৫জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে, প্ৰায় ১৫০জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে। ঘটনাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
শুকুৰবাৰে চান্দেল জিলা সদৰৰ পৰা সুমিল লাংহুৱে সংবাদ সংস্থা ANIক এই কথা নিশ্চিত কৰে। তেওঁৰ মতে, বিষাক্ত বা ভেজাল সুৰা সেৱনৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
ANIৰ সৈতে হোৱা বাৰ্তালাপত গাঁওপ্ৰধান সুমিল লাংহুৱে কয়, “মোৰ জানিব পৰা মতে, আজি সন্ধিয়ালৈকে ১৫জন লোকৰ মৃত্যু হৈছে। বৰ্তমান শ্বিজা হাস্পতালত ১৫০জন ৰোগী পৰীক্ষাৰ বাবে আহিছে। ইয়াৰ উপৰি বাবিনা হাস্পতালতো বহু ৰোগীয়ে একেধৰণৰ চিকিৎসা গ্ৰহণ কৰি আছে। এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। অৱশ্যে আজি আমাৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা সহায় আৰু আৰ্থিক সাহায্যৰ আশ্বাসৰ বাবে আমি সন্তুষ্ট।”
তেওঁ লগতে কয়, “বিগত দুই-তিনি দিনত আমি এই সংকটৰ বিষয়ে জানিবলৈ পাইছোঁ। মই লাভ কৰা তথ্য অনুসৰি, মূলতঃ সুৰা সেৱনৰ ফলতেই এই ঘটনা সংঘটিত হৈছে। সুৰাখিনি ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নিশ্চিতকৈ ক’ব নোৱাৰোঁ। কিন্তু আমি লাভ কৰা প্ৰতিবেদন অনুসৰি, তেওঁলোকে সেৱন কৰা সুৰাৰ বাবেই এই ঘটনা ঘটিছে।”
ইফালে, চান্দেল জিলা আৰক্ষীৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি, মৃত লোকসকলে সেৱন কৰা সুৰাখিনি কাকচিং জিলাৰ চুগনুৰ পৰা ক্ৰয় কৰা হৈছিল বুলি জানিব পৰা গৈছে। বিবৃতিটোত লগতে কোৱা হৈছে যে চান্দেলত স্থানীয়ভাৱে সুৰা প্ৰস্তুত বা উৎপাদন কৰাৰ কোনো তথ্য বৰ্তমানলৈকে পোৱা হোৱা নাই।
উল্লেখ্য যে বৃহস্পতিবাৰে চান্দেলৰ উপায়ুক্তই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এক সতৰ্কতামূলক পৰামৰ্শ জাৰি কৰিছিল। এই পৰামৰ্শত জনসাধাৰণক স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰা আৰু উৎস সম্পৰ্কে নিশ্চিত নহোৱা যিকোনো মদ্যপানীয় সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছিল।
লগতে, সুৰা সেৱনৰ পিছত কোনো ব্যক্তিৰ বমি, পেটৰ বিষ, মূৰৰ বিষ, মূৰ ঘূৰণি, দৃষ্টিশক্তি অস্পষ্ট হোৱা অথবা উশাহ-নিশাহ লোৱাত অসুবিধাৰ দৰে লক্ষণ দেখা দিলে পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল’বলৈও নিৰ্দেশ দিয়া হৈছিল।
এই ঘটনাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে ইম্ফল পশ্চিম জিলাৰ শ্বিজা হাস্পতাল আৰু ইম্ফল পূব জিলাৰ বাবিনা হাস্পতাল পৰিদৰ্শন কৰে। তেওঁ চিকিৎসাধীন ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম Xত এই সন্দৰ্ভত এটা পোষ্ট কৰি কয়, “চৰকাৰে এই ঘটনাৰ তদন্ত কৰিব আৰু দোষীসকলক শাস্তি প্ৰদান কৰা হ’ব।”
ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু সুৰাৰ উৎস নিৰ্ধাৰণৰ বাবে তদন্তৰ অপেক্ষা কৰা হৈছে।
