দক্ষিণ ভাৰতৰ ঐতিহাসিক মন্দিৰ, তীৰ্থস্থান আৰু মনোমোহা পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে আপোনাৰ বাবে সুখবৰ। ভাৰতীয় ৰে’লৱেৰ অধীনস্থ ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেচন (IRCTC)-এ পৰ্যটকসকলৰ বাবে ঘোষণা কৰিছে এক বিশেষ ১২ দিনীয়া ভ্ৰমণ পেকেজ। ‘Temple Trails of Dakshin’ নামৰ এই পেকেজৰ জৰিয়তে পৰ্যটকসকলে কৰ্ণাটক, কেৰালা আৰু তামিলনাডুৰ কেইবাটাও বিখ্যাত মন্দিৰ আৰু ঐতিহাসিক পৰ্যটনস্থলী দৰ্শন কৰিব পাৰিব।
ভাৰত গৌৰৱ পৰ্যটক ৰে’লৰ জৰিয়তে আয়োজন কৰা এই বিশেষ ভ্ৰমণৰ বাবে প্ৰতিজন যাত্ৰীৰ খৰচ আৰম্ভ হ’ব মাত্ৰ ২০,৪২০ টকাৰ পৰা। পেকেজটোত ৰে’লযাত্ৰা, থকা-খোৱা, স্থানীয় পৰিবহণ আৰু পৰ্যটনস্থলী দৰ্শনৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে।
১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বিশেষ ৰে‘লযাত্ৰা
IRCTCৰ ঘোষণা অনুসৰি, ২০২৭ চনৰ ১৮ জানুৱাৰীত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পৰা আৰম্ভ হ’ব এই বিশেষ পৰ্যটন যাত্ৰা। ১১ নিশা আৰু ১২ দিনীয়া ভ্ৰমণসূচীৰ সামৰণি পৰিব ২৯ জানুৱাৰীত।
যাত্ৰীসকলে মুম্বাইৰ উপৰি থানে, কল্যাণ, লোনাৱালা, পুনে, সাতাৰা, মিৰাজ আৰু বেলাগাভি ৰে’ল ষ্টেচনৰ পৰাও এই বিশেষ ৰে’লত উঠিব পাৰিব। অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ আগ্ৰহী পৰ্যটকসকলেও নিজাববীয়াকৈ এই নিৰ্ধাৰিত ষ্টেচনসমূহৰ কোনো এটালৈ গৈ ভ্ৰমণত অংশগ্ৰহণ কৰিব পাৰিব। অৱশ্যে সেই ষ্টেচনলৈ যোৱাৰ অতিৰিক্ত যাতায়াতৰ খৰচ পৃথকে বহন কৰিব লাগিব।
কোন কোন বিখ্যাত মন্দিৰ দৰ্শনৰ সুযোগ পাব?
এই ভ্ৰমণসূচীত দক্ষিণ ভাৰতৰ কেইবাটাও প্ৰসিদ্ধ তীৰ্থস্থান আৰু পৰ্যটন কেন্দ্ৰ অন্তৰ্ভুক্ত কৰা হৈছে।
১. গোকৰ্ণ, কৰ্ণাটক
ভগৱান শিৱৰ প্ৰসিদ্ধ মহাবলেশ্বৰ মন্দিৰ দৰ্শনৰ লগতে পৰ্যটকসকলে ওম বীচ্চৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব।
২. মুৰুদেশ্বৰ, কৰ্ণাটক
আৰব সাগৰৰ পাৰত অৱস্থিত মুৰুদেশ্বৰ শিৱ মন্দিৰ আৰু বিশাল শিৱমূৰ্তি দৰ্শনৰ সুযোগ থাকিব। সমুদ্ৰতীৰো ভ্ৰমণ কৰিব পাৰিব যাত্ৰীসকলে।
৩. গুৰুৱায়ুৰ, কেৰালা
ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসিদ্ধ গুৰুৱায়ুৰ মন্দিৰ দৰ্শন কৰিব পাৰিব ভক্তসকলে। এই মন্দিৰটি দক্ষিণ ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বৈষ্ণৱ তীৰ্থস্থান।
৪. ৰামেশ্বৰম, তামিলনাডু
দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম ৰামনাথস্বামী মন্দিৰ দৰ্শনৰ লগতে ধনুষ্কোডি ভ্ৰমণৰ সুযোগ থাকিব। যাত্ৰাপথত পাম্বান সেতুৰ মনোমোহা দৃশ্যও উপভোগ কৰিব পাৰিব।
৫. মাদুৰাই, তামিলনাডু
দ্ৰাবিড় স্থাপত্যশৈলীৰ অনন্য নিদৰ্শন ঐতিহাসিক মীনাক্ষী আম্মান মন্দিৰ দৰ্শন কৰিব পাৰিব পৰ্যটকসকলে।
৬. কন্যাকুমাৰী, তামিলনাডু
কুমাৰী আম্মান মন্দিৰ, বিবেকানন্দ ৰক মেম’ৰিয়েল, গান্ধী মণ্ডপম আৰু সূৰ্যাস্তৰ মনোৰম দৃশ্য উপভোগৰ সুযোগ থাকিব।
৭. তিৰুচিৰাপল্লি আৰু তাঞ্জাভুৰ
শ্ৰীৰংগনাথস্বামী মন্দিৰৰ লগতে তাঞ্জাভুৰৰ ঐতিহাসিক মন্দিৰ দৰ্শনৰ ব্যৱস্থা থাকিব।
৮. কাঞ্চীপুৰম, তামিলনাডু
কামাক্ষী আম্মান মন্দিৰ, একাম্বৰেশ্বৰ মন্দিৰ আৰু শ্ৰী বৰদৰাজ পেৰুমল মন্দিৰ দৰ্শন কৰিব পাৰিব যাত্ৰীসকলে।
৯. মহাবলীপুৰম, তামিলনাডু
ঐতিহাসিক শ্ব’ৰ টেম্পল আৰু প্ৰাকৃতিকভাৱে ভাৰসাম্য ৰক্ষা কৰি থকা বিশাল শিলাখণ্ড ‘কৃষ্ণাজ বাটাৰবল’ দৰ্শনৰ জৰিয়তে ভ্ৰমণসূচীৰ সামৰণি পৰিব।
