বিশ্বৰ ধৰ্মীয় জনসংখ্যাক লৈ এক গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী প্ৰকাশ কৰিছে আমেৰিকাৰ গৱেষণা সংস্থা পিউ ৰিচাৰ্চ চেণ্টাৰে। সংস্থাটোৰ শেহতীয়া পৰিসংখ্যাভিত্তিক পূৰ্বানুমান অনুসৰি, ২০৩৫ চনৰ ভিতৰত ইছলাম ধৰ্মই খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰি বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হিচাপে পৰিগণিত হ’ব পাৰে। আনহাতে, ২০৭০ চনৰ ভিতৰত ব্ৰিটেইনত ধৰ্মীয় পৰিচয় নথকা লোকৰ সংখ্যাই জনসংখ্যাৰ আধাতকৈ অধিক হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
পিউ ৰিচাৰ্চ চেণ্টাৰৰ পূৰ্বানুমান অনুসৰি, ২০৩৫ চনত বিশ্বত মুছলমানৰ সংখ্যা ২৫৭ কোটি আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ সংখ্যা ২৫২ কোটি হ’ব পাৰে। শেহতীয়া ধাৰা অব্যাহত থাকিলে ২০৭০ চনৰ ভিতৰত বিশ্বত মুছলমানৰ সংখ্যা ৩৬০ কোটিতকৈ অধিক হোৱাৰ বিপৰীতে খ্ৰীষ্টানৰ সংখ্যা ৩০০ কোটিৰ অলপ কম হ’ব পাৰে।
সংস্থাটোৰ মতে, মুছলমান জনসংখ্যা বৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ হৈছে জন্মৰ হাৰ। ২০২০ৰ পৰা ২০২৫ চনৰ ভিতৰত মুছলমান মহিলাৰ প্ৰতি গড়ে ৩.১টা সন্তান জন্ম দিয়াৰ বিপৰীতে খ্ৰীষ্টান মহিলাৰ ক্ষেত্ৰত এই হাৰ ২.৫টা। আনহাতে, এটা প্ৰজন্মৰ জনসংখ্যা পূৰ্বৰ প্ৰজন্মৰ সমান কৰি ৰাখিবলৈ প্ৰয়োজনীয় জন্মৰ হাৰ হৈছে প্ৰায় ২.১।
পিউ ৰিচাৰ্চ চেণ্টাৰৰ জ্যেষ্ঠ জনগাঁথনিবিদ কন্ৰাড হেকেটে এই সন্দৰ্ভত কয় যে ধৰ্মান্তৰকৰণতকৈ জন্মৰ হাৰেই ধৰ্মীয় জনসংখ্যাৰ পৰিৱৰ্তনত অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
আনহাতে, ব্ৰিটেইনৰ ধৰ্মীয় জনসংখ্যাৰ ক্ষেত্ৰতো বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিছে প্ৰতিবেদনখনে। ২০৭০ চনৰ ভিতৰত দেশখনৰ ৫২.৩ শতাংশ লোকৰ কোনো ধৰ্মীয় পৰিচয় নাথাকিব পাৰে। সেই সময়ছোৱাত খ্ৰীষ্টানৰ সংখ্যা ২৫.৪ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে মুছলমানৰ সংখ্যা ১৬ শতাংশলৈ বৃদ্ধি পোৱাৰ পূৰ্বানুমান কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, ২০২০ৰ পৰা ২০৭০ চনৰ ভিতৰত বিশ্বৰ জনসংখ্যা ২৯ শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত মুছলমান জনসংখ্যা ৮০ শতাংশ আৰু খ্ৰীষ্টান জনসংখ্যা ৩০ শতাংশ বৃদ্ধি পাব পাৰে। বিশেষকৈ ছাহাৰা মৰুভূমিৰ দক্ষিণৰ আফ্ৰিকাত জনসংখ্যা বৃদ্ধিৰ ফলত বিশ্বৰ ধৰ্মীয় জনসংখ্যাৰ গাঁথনিত পৰিৱৰ্তন আহিব বুলি অনুমান কৰা হৈছে।
পিউৰ পূৰ্বানুমান অনুসৰি, ২০৭০ চনৰ ভিতৰত বিশ্বৰ আধাতকৈ অধিক খ্ৰীষ্টান ছাহাৰা মৰুভূমিৰ দক্ষিণৰ আফ্ৰিকাত বাস কৰিব পাৰে। গণতান্ত্ৰিক গণৰাজ্য কংগোৱে খ্ৰীষ্টান জনসংখ্যাৰ ক্ষেত্ৰত আমেৰিকাক অতিক্ৰম কৰাৰ সম্ভাৱনাও আছে। আনহাতে, পাকিস্তান বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হ’ব পাৰে। বৰ্তমান সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ হৈছে ইণ্ডোনেছিয়া।
ইয়াৰ উপৰি ২০৭০ চনৰ ভিতৰত বিশ্বৰ মুঠ ইহুদী জনসংখ্যাৰ ৬২ শতাংশ ইজৰাইলত বাস কৰিব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ২০২০ চনত এই হাৰ আছিল ৪৬ শতাংশ। আনহাতে, হিন্দু আৰু ইহুদীৰ মুঠ সংখ্যা বৃদ্ধি পালেও বিশ্বৰ জনসংখ্যাৰ তুলনাত তেওঁলোকৰ অনুপাত হ্ৰাস পাব পাৰে। বৌদ্ধ ধৰ্মাৱলম্বীৰ সংখ্যা আৰু বিশ্ব জনসংখ্যাত তেওঁলোকৰ অংশ দুয়োটাই হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে সংস্থাটোৱে।
