কানাডাত পুনৰ এগৰাকী ভাৰতীয় যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ব্ৰিটিছ কলম্বিয়াৰ এক অঞ্চলত এখন জ্বলি থকা বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে ২৫ বছৰীয়া ভাৰতীয় যুৱক তুষাৰ শৰ্মাৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে কানাডাৰ আৰক্ষীয়ে।
জানিব পৰা মতে, যোৱা ২৯ অক্টোবৰৰ নিশা প্ৰায় ১০.৩০ বজাত লেংলিৰ ৰাউলিনছন ক্ৰেছেণ্ট অঞ্চলত এখন বাহনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰে আৰক্ষীয়ে। লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা চলায়। সেই সময়তে বাহনখনৰ ভিতৰত মানৱ দেহাৱশেষ প্ৰত্যক্ষ কৰে উদ্ধাৰকাৰী দলে। পিছত মৃত ব্যক্তিগৰাকী ছাৰেৰ বাসিন্দা তুষাৰ শৰ্মা বুলি চিনাক্ত কৰা হয়।
ঘটনাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কানাডাৰ ইণ্টিগ্ৰেটেড হোমিচাইড ইনভেষ্টিগেচন টীমে (IHIT) তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। তদন্তকাৰীসকলৰ সন্দেহ, তুষাৰক পৰিকল্পিতভাৱে লক্ষ্য কৰি হত্যা কৰা হৈছিল আৰু পৰিচয় তথা প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যে বাহনখনত জুই লগোৱা হৈছিল।
আৰক্ষীৰ তথ্য অনুসৰি, তুষাৰৰ কোনো অপৰাধমূলক অভিলেখ নাছিল। তেওঁৰ পৰিচিত লোকৰ পৰিসৰো সীমিত আছিল। মৃত্যুৰ পূৰ্বে কাৰ সৈতে যোগাযোগ কৰিছিল, ক’লৈ গৈছিল আৰু তেওঁৰ ব্যক্তিগত জীৱনত কোনো শত্ৰুতা আছিল নেকি, সেই সকলো দিশ পৰীক্ষা কৰি আছে তদন্তকাৰীয়ে। ইতিমধ্যে পৰিয়ালৰ লোক আৰু বন্ধুবৰ্গৰ সৈতেও যোগাযোগ কৰিছে আৰক্ষীয়ে।
অৱশ্যে হত্যাকাণ্ডৰ আঁৰৰ কাৰণ আৰু ইয়াৰ সৈতে জড়িত লোকৰ সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাৰ সময়ছোৱাত অঞ্চলটোত সংঘটিত কোনো সন্দেহজনক কাৰ্যকলাপ অথবা CCTV ফুটেজৰ তথ্য থাকিলে আৰক্ষীক জনাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে।
