আমিনগাঁৱত STFৰ বৃহৎ ড্ৰাগছবিৰোধী অভিযান, ৮৫ কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আমিনগাঁৱত বৃহৎ সফলতা লাভ কৰিছে বিশেষ টাস্ক ফ’ৰ্চে (STF)। অভিযানত প্ৰায় ৮৫ কোটি টকা বজাৰ মূল্যৰ ১০ কেজি ৭২০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আমিনগাঁৱত এখন ক’লা ৰঙৰ ফৰ্ড এণ্ডেভাৰ বাহনত তালাচী চলায় STFৰ দলে। তালাচীৰ সময়ত বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ তথ্য অনুসৰি, জব্দকৃত ড্ৰাগছখিনি মণিপুৰৰ টেংনৌপালৰ পৰা পশ্চিমবংগলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল। এই সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাকিবুল ইছলাম আৰু মহম্মদ জাহাংগীৰ আলীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে।

উল্লেখ্য যে, ৰাজ্যত ড্ৰাগছৰ অবৈধ সৰবৰাহ আৰু ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। আমিনগাঁৱৰ এই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দৰ ঘটনাই পুনৰ আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ বিষয়টো পোহৰলৈ আনিছে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা দুয়ো অভিযুক্তক সোধা-পোছা কৰি এই সৰবৰাহৰ আঁৰত থকা আন লোকসকলৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ঘূৰ্ণীবতাহ ‘আকৱান’ৰ বাবে সৰ্তকবাণী ! তিনিদিনৰ বাবে পুৰীৰ জগন্নাথ মন্দিৰ ভ্ৰমণ নকৰিবলৈ দৰ্শনাৰ্থীসকলক আহ্বান

ঘূৰ্ণীবতাহ ‘আকৱান’ৰ সম্ভাৱ্য প্ৰভাৱক লৈ ওড়িশাত, বিশেষকৈ পুৰী জিলাত...

ইউৰোপৰ ১৭খন দেশত ভূমিকম্পৰ জোকাৰণি! ক্ষেপণাস্ত্ৰ আক্ৰমণৰ আশংকাত প্ৰাণৰ মমতাত ৰাজপথলৈ ওলাল লাখ লাখ লোক

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ উত্তেজনাৰ মাজতে গভীৰ নিশা ভূমিকম্পই জোকাৰি গ’ল...

হৰমুজ প্ৰণালীত ভয়ংকৰ অঘটন! সাগৰৰ তলত পুতি থোৱা মাইনত খুন্দা লাগি জুই লাগিল তিনিখন তেলবাহী জাহাজত

বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰানে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ...