মৰিগাঁও জিলাৰ কপাহেৰা ঘুমটি গাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। নিশা সংঘটিত দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱায় একেটা পৰিয়ালৰ দুই কণমানি কন্যাই। আনহাতে, সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ মাতৃ।
নিহত কণমানি দুগৰাকী হৈছে ৯ বছৰীয়া নেহা বৰা আৰু মাত্ৰ দুমহীয়া হৰ্ষিতা বৰা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে মাতৃ জুন বৰুৱা। বৰ্তমান তেওঁ চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
প্ৰাপ্ত তথ্য অনুসৰি, নৱজ্যোতি বৰাই পত্নী আৰু দুই কন্যাক লৈ পত্নীৰ মাতৃগৃহৰ পৰা নিশা ঘৰলৈ উভতি আহি আছিল। সেই সময়তে নিশা প্ৰায় ১০ বজাত কপাহেৰা ঘুমটি গাঁৱত বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে।
এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত বাহনখনত থকা দুই কণমানিৰ থিতাতে মৃত্যু হয়। আনহাতে, গুৰুতৰভাৱে আহত হয় মাতৃ জুন বৰুৱা।
ইফালে, নৱজ্যোতি বৰাই সুৰাপান কৰি বাহন চলাই থকাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। একেটা পৰিয়ালৰ দুই কণমানিৰ এনে কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ পৰিৱেশ সৃষ্টি কৰিছে।
