১২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ৫ এপ্ৰিলত অন্ত পৰিব পৰীক্ষা

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (ASSEB) দ্বাদশ শাখাই। প্ৰকাশিত সূচী অনুসৰি, অহা ১২ মাৰ্চৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আনহাতে, ৫ এপ্ৰিলত অন্ত পৰিব পৰীক্ষা।

১২ মাৰ্চত ইংৰাজী বিষয়ৰ পৰীক্ষাৰে আৰম্ভ হ’ব এইবাৰৰ পৰীক্ষা। ১৩ মাৰ্চত অনুষ্ঠিত হ’ব Entrepreneurship Development বিষয়ৰ পৰীক্ষা। ১৫ মাৰ্চত আধুনিক ভাৰতীয় ভাষা (MIL)/বৈকল্পিক ইংৰাজী, ১৬ মাৰ্চত অৰ্থনৈতিক ভূগোল/চাৰুকলা আৰু ১৭ মাৰ্চত অৰ্থনীতি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

প্ৰকাশিত সূচী অনুসৰি, ১৮ মাৰ্চত কম্পিউটাৰ বিজ্ঞান আৰু প্ৰয়োগ, ১৯ মাৰ্চত কৃত্ৰিম বুদ্ধিমত্তা/বিহু, ২০ মাৰ্চত ব্যৱসায় অধ্যয়ন/ৰসায়ন বিজ্ঞান আৰু শিক্ষা, ২৪ মাৰ্চত পদাৰ্থ বিজ্ঞান/হিচাপ বিজ্ঞান/ৰাজনীতি বিজ্ঞান আৰু ২৫ মাৰ্চত সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰি ২৭ মাৰ্চত জীৱবিজ্ঞান/বীমা/ইতিহাস, ২৯ মাৰ্চত মনোবিজ্ঞান/তৰ্ক আৰু দৰ্শন, ৩০ মাৰ্চত আৰবী/পাৰ্চী/সংস্কৃত/টাই ভাষা আৰু ৩১ মাৰ্চত গণিতৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে, ১ এপ্ৰিলত নৃতত্ত্ব/বিক্ৰী ব্যৱস্থাপনা আৰু বিজ্ঞাপন, ২ এপ্ৰিলত ব্যৱসায়িক গণিত আৰু পৰিসংখ্যা/ভূগোল, ৩ এপ্ৰিলত স্বদেশ অধ্যয়ন/পৰিসংখ্যা আৰু ৫ এপ্ৰিলত ভূতত্ত্ব/সমাজতত্ত্ব/বিত্ত/বিত্তীয় সাক্ষৰতা বিষয়ৰ পৰীক্ষাৰে এইবাৰৰ পৰীক্ষাৰ সামৰণি পৰিব।

পৰিষদে প্ৰকাশ কৰা অনুসৰি, পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু বিয়লি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা। অৱশ্যে ৫০ নম্বৰৰ পৰীক্ষাসমূহৰ বাবে পুৱা ৯ বজাৰ পৰা ১১ বজালৈ আৰু বিয়লি ১.৩০ বজাৰ পৰা ৩.৩০ বজালৈ সময় নিৰ্ধাৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াত বসবাস কৰা প্ৰৱাসী অসমীয়াৰ সৈতে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ মত-বিনিময়

ফিজিত অনুষ্ঠিত কমনৱেলথ ওমেন পাৰ্লিয়ামেণ্টেৰীয়ান ৱৰ্কশ্বপৰ ষ্টাডি ট্যুৰৰ অংশ...

আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলিল অসমীয়া ছবি ‘আদিশক্তি’, লাছ ভেগাছ ইণ্ডি এৱাৰ্ডত ‘শ্ৰেষ্ঠ ছবি’ৰ সন্মান

মুক্তিৰ পূৰ্বেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া চলচ্চিত্ৰ জগতলৈ...

চীনত ট্ৰাম্প, জিনপিং আৰু পুটিনৰ ঐতিহাসিক বৈঠক: বিশ্ব ৰাজনীতি আৰু ইউক্ৰেইন যুদ্ধক লৈ কি আলোচনা হ’ল?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু...