বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰানে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে আমেৰিকাই। হৰমুজ প্ৰণালীত সাগৰৰ তলত পুতি থোৱা মাইনত খুন্দা লাগি তিনিখন তেলবাহী টেংকাৰত জুই লাগে। অৱশ্যে জাহাজকেইখন কোনখন দেশৰ, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পছ (IRGC)-এ এই দাবী কৰিছে।
ইৰানৰ অভিযোগ অনুসৰি, নৌসেনাৰ সতৰ্কবাণী উপেক্ষা কৰি আৰু নেভিগেচন ব্যৱস্থা বন্ধ কৰি নিষিদ্ধ অঞ্চলত প্ৰৱেশ কৰিছিল জাহাজকেইখনে। ইয়াৰ ফলতেই এই ঘটনা সংঘটিত হয়। ইৰানৰ চৰকাৰী সংবাদ সংস্থা ‘ইৰিব’ (IRIB)-এ প্ৰকাশ কৰা অনুসৰি, হৰমুজ প্ৰণালীৰে যাতায়াত কৰিবলৈ হ’লে ইৰানৰ কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰাটো বাধ্যতামূলক।
ইফালে, বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে ইৰানৰ কেশম (Qeshm) দ্বীপত থকা এটা ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কেন্দ্ৰত আক্ৰমণ চলাইছে আমেৰিকাৰ যুদ্ধবিমানে। এজন আমেৰিকান বিষয়াই ‘আল জাজিৰা’ক জনোৱা মতে, আত্মৰক্ষাৰ স্বাৰ্থতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে, স্থানীয় এগৰাকী ইৰানী বিষয়াই দাবী কৰিছে যে আমেৰিকাৰ একাধিক আক্ৰমণৰ পিছতো দ্বীপটোৰ আন্তঃগাঁথনিৰ কোনো ক্ষতি হোৱা নাই।
আনহাতে, আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) জনোৱা অনুসৰি, বাহৰেইনৰ বিমানঘাটিৰ ৰাডাৰ ব্যৱস্থাক লক্ষ্য কৰি ইৰানে নিক্ষেপ কৰা কেইবাটাও ড্ৰ’ন আকাশতে ধ্বংস কৰা হৈছে। এই ঘটনাত আমেৰিকাৰ কোনো সেনা জোৱান বা সামৰিক সা-সঁজুলিৰ ক্ষতি হোৱা নাই।
ইৰানৰ সেনাবাহিনীয়ে জাহাজসমূহক ‘ভুৱা আমেৰিকান পথ’ এৰাই চলিবলৈও সকীয়নি দিছে। ইয়াৰ সমান্তৰালকৈ হৰমুজ প্ৰণালীৰ আকাশত উৰি থকা আমেৰিকাৰ দুখন ড্ৰ’ন ভূপতিত কৰাৰ দাবীও কৰিছে তেহৰানে।
ইয়াৰ মাজতে ৱাশ্বিংটন ডি চিত ট্ৰাম্প প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলক লক্ষ্য কৰি ৰাসায়নিক অস্ত্ৰ অথবা ‘ডাৰ্টি বোমা’ৰে আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগ নস্যাৎ কৰিছে ইৰানৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাঘচি আৰু দেশখনৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে।
মঙলবাৰে সামাজিক মাধ্যম ‘এক্স’ত দিয়া এটা পোষ্টত আৰাঘচিয়ে কয় যে ইৰানৰ বিৰুদ্ধে চলি থকা সংঘাতৰ সমৰ্থনত জনমত গঢ়ি তুলিবলৈ ইজৰাইলপন্থী সংবাদ মাধ্যমে এনে মিছা প্ৰচাৰ চলাইছে।
