ছটপূজাৰ বাবে প্ৰস্তুত কৰি ৰখা প্ৰসাদ খোৱাৰ বাবেই নিজ মাতৃৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ’ল এগৰাকী চাৰি বছৰীয়া কন্যা শিশুৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে বিহাৰৰ সমস্তিপুৰ জিলাত। শিশুটিৰ মাতৃৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, ধৃত মহিলাগৰাকীৰ নাম ৰীনা কুমাৰী। আনহাতে, মৃত শিশুটিৰ নাম সুহানি কুমাৰী। সোমবাৰে পুৱা সংঘটিত হয় এই ঘটনা।
মৃত শিশুটিৰ পিতৃ ৰাজু পাছোৱানে জানিবলৈ দিয়া মতে, সোমবাৰে পুৱতি নিশা ছটপূজাৰ বাবে ঘৰত খাদ্য প্ৰস্তুত কৰি আছিল ৰীনা। সেই সময়ত মাতৃৰ সৈতে ঘৰতে আছিল চাৰি বছৰীয়া সুহানি। পৰিয়ালৰ আন সদস্যসকলে পূজাৰ বাবে ঘৰৰ ওচৰতে থকা ঘাটলৈ গৈছিল।
সেই সময়তে ছটপূজাৰ বাবে প্ৰস্তুত কৰি ৰখা খাদ্যৰ পৰা কিছু অংশ খাই পেলায় সুহানিয়ে। এই কথাত খঙত অগ্নিশৰ্মা হৈ মাতৃ ৰীনাই শিশুটিক নিৰ্মমভাৱে প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে অসুস্থ হৈ পৰে শিশুটি আৰু ক্ৰমাৎ অৱনতি ঘটে স্বাস্থ্যৰ।
পিছত ৰীনাই শিশুটিক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে সুহানিক মৃত ঘোষণা কৰে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত মাতৃ ৰীনা কুমাৰীক গ্ৰেপ্তাৰ কৰে। মৃত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি, ৰাজু আৰু ৰীনা কুমাৰীৰ তিনিটা সন্তান আছে। চাৰি বছৰীয়া সুহানিৰ এনে কৰুণ মৃত্যুত পৰিয়ালটোত গভীৰ শোকৰ ছাঁ পৰিছে। আনহাতে, অভিযুক্ত মাতৃৰ কঠোৰ শাস্তিৰ দাবী জনাইছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে।
