৫৭ সংখ্যক IFFIৰ Indian Panorama শাখালৈ নিৰ্বাচিত অসমীয়া ছবি ‘সূৰ্যমুখী’, Indian Panorama শাখাত স্থান লাভ কৰা একমাত্ৰ অসমীয়া ছবি ‘সূৰ্যমুখী’; ২২ নৱেম্বৰত হ’ব বিশ্ব প্ৰিমিয়াৰ

অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ। ৫৭ সংখ্যক International Film Festival of India (IFFI), গোৱাত Indian Panorama শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘সূৰ্যমুখী’। Dibya Cine Productionৰ বেনাৰত নিৰ্মিত ছবিখন এইবাৰৰ Indian Panorama শাখাত স্থান লাভ কৰা একমাত্ৰ অসমীয়া ছবি হিচাপে পৰিগণিত হৈছে।

অহা ২২ নৱেম্বৰ, ২০২৬ত গোৱাত অনুষ্ঠিত হ’বলগীয়া IFFIত ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব। আনহাতে, ২০২৭ চনৰ ৭ মে’ত অসমৰ ছবিগৃহসমূহত মুক্তি লাভ কৰিব ছবিখনে।

বিশিষ্ট অসমীয়া সাহিত্যিক প্ৰয়াত ড০ বিৰিঞ্চি কুমাৰ মেধিৰ জনপ্ৰিয় গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে ‘সূৰ্যমুখী’। অভিজ্ঞ অভিনেত্ৰী অন্তৰা জি জি চৌধুৰীৰ পৰিচালক হিচাপে এয়া প্ৰথম ছবি। ছবিখনৰ প্ৰযোজনা কৰিছে শিক্ষাবিদ তথা সংস্কৃতিপ্ৰেমী ড০ তিলোত্তমা বৰুৱাই।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা কপিল বৰা আৰু অভিনেত্ৰী উৰ্মিলা মহন্তই। ইয়াৰ উপৰি কুল কুলদীপ, সাগৰনীল, নৱদীপ বৰগোহাঁই, ৰিয়ান হাজৰিকা, ড০ তিলোত্তমা বৰুৱা, বিদ্যা ভাৰতী, পৰিস্মিতা দত্ত, প্ৰীতি খাউণ্ড, মৃদুল শৰ্মা, মানিক ৰয়, অনয়ন বৰা, অয়নজিত দেৱ শৰ্মা আৰু হৰপাল শইকীয়াই ছবিখনত অভিনয় কৰিছে। বিশেষ অতিথি শিল্পী হিচাপে দেখা যাব অৰুণ নাথ, কাশ্মীৰী শইকীয়া, বাহাৰুল ইছলাম আৰু শংকু নিৰঞ্জনক।

ছবিখনৰ চিনেমাটোগ্ৰাফীৰ দায়িত্বত আছে হিতেন ঠাকুৰীয়া, সম্পাদনা কৰিছে ৰমেন বৰাই, ছাউণ্ড ডিজাইন দেৱজিৎ গায়নৰ আৰু বেকগ্ৰাউণ্ড স্ক’ৰ পল্লৱ তালুকদাৰৰ। ছবিখনৰ গীতসমূহৰ সুৰ-সংগীত ৰচনা কৰিছে সান্নিধ্য ভূঞা, জনঞ্জয় শইকীয়া আৰু দেবজিৎ চৌধুৰীয়ে। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, সান্নিধ্য ভূঞা, এনিশা চৌধুৰী, জনঞ্জয় শইকীয়া আৰু ড০ তিলোত্তমা বৰুৱাই।

উল্লেখ্য যে, ২২ নৱেম্বৰত IFFIত বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হোৱাৰ পিছত ২০২৭ চনৰ ৭ মে’ত অসমৰ ছবিগৃহত মুক্তি পাব ‘সূৰ্যমুখী’। অসমীয়া ছবিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই স্বীকৃতিক এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচনা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰাইদেউ জিলাৰ উপায়ুক্ত নেহা যাদৱৰ ডাউন টাউন গুৰুকুল পৰিদৰ্শন

সোমবাৰে চৰাইদেউ জিলাৰ উপায়ুক্ত নেহা যাদৱে মৰাণহাটস্থিত ডাউন টাউন...